শ্বাহৰুখ খানক শেষবাৰৰ বাবে দেখা গৈছিল ‘ডংকি’ ছবিত, যিয়ে বক্স অফিচত ভাল প্ৰদৰ্শন কৰিছিল। ইয়াৰ পূৰ্বে তেওঁৰ ‘পাথান’ আৰু ‘জোৱান’ ছবি ব্লকবাষ্টাৰ আছিল। আজিকালি তেওঁৰ আগন্তুক ছবি ‘কিং’ৰ শিৰোনামত আছে, যাৰ অনুৰাগীয়ে প্ৰতিটো নতুন আপডেটৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। ছবিখনৰ শ্বুটিং আৰম্ভ হৈছিল যদিও এই সময়ছোৱাত শ্বাহৰুখ আঘাতপ্ৰাপ্ত হয়, যাৰ বাবে কাম বন্ধ হৈ যায়। এতিয়া ছবিখনৰ মুক্তিৰ তাৰিখো বৃদ্ধি কৰা হৈছে।
খবৰ অনুসৰি ‘কিং’ৰ শ্বুটিং আপাততঃ বন্ধ কৰি দিয়া হৈছে, যাৰ কাৰণ শ্বাহৰুখ খানৰ আঘাত বুলি কোৱা হৈছে। চিকিৎসকে কেমেৰাৰ সন্মুখত ঘূৰি অহাৰ পূৰ্বে কেইসপ্তাহমান জিৰণি ল’বলৈ পৰামৰ্শ দিছে। যিহেতু ই একচন অৰিয়েণ্টেড ছবি, সেয়েহে নিৰ্মাতাই তেওঁৰ স্বাস্থ্যৰ সৈতে কোনো ধৰণৰ ৰিস্ক ল’ব নিবিচাৰে। শ্বাহৰুখ নিজেও ছবিখনৰ সহ-প্ৰযোজক আৰু তেওঁৰ সুৰক্ষাৰ সৈতে আপোচ কৰিব নিবিচাৰে।
শ্বাহৰুখ সম্পূৰ্ণ সুস্থ হোৱাৰ পিছতহে পুনৰ আৰম্ভ হ’ব ‘কিং’ৰ শ্বুটিং। প্ৰথম অৱস্থাত ২০২৬ চনৰ গান্ধী জয়ন্তীত মুক্তি পোৱাৰ কথা আছিল যদিও এতিয়া ইয়াৰ তাৰিখ ২০২৭ চনলৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ আগতেও ছবিখনৰ মুক্তিৰ সময় কেইবাবাৰো পিছুৱাই দিয়া হৈছে, কেতিয়াবা চিত্ৰনাট্যৰ পৰিৱৰ্তনৰ বাবে, আৰু কেতিয়াবা আন কাৰণত। পৰৱৰ্তী সূচী ইউৰোপত শ্বুটিং কৰাৰ পৰিকল্পনা কৰা হৈছে। ‘কিং’ৰ জৰিয়তে শ্বাহৰুখ খানক প্ৰথমবাৰৰ বাবে কন্যা চুহানা খানৰ সৈতে পৰ্দাত দেখা যাব। প্ৰথম অৱস্থাত ছবিখনৰ সম্পূৰ্ণ সুহানাক কেন্দ্ৰ কৰি লিখা হৈছিল যদিও ৰাতিটোৰ ভিতৰতে চিত্ৰনাট্য সলনি কৰি শ্বাহৰুখক মুখ্য চৰিত্ৰত অনা হৈছিল। তেওঁ কেৱল ছবিখনত অভিনয় কৰাই নহয়, প্ৰডাকচনতো বিনিয়োগ কৰিছে। ইয়াত অভিষেক বচ্চনে খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে। ইয়াৰ পূৰ্বে সুজয় ঘোষৰ সৈতে পৰিচালনা কৰিছিল যদিও পিছত সিদ্ধাৰ্থ আনন্দৰ হাতত গতাই দিয়া হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
