বলীউডৰ প্ৰবীণ অভিনেতা অনিল কাপুৰে তেওঁৰ ছবি, ফিটনেছ আৰু ষ্টাইলৰ বাবে প্ৰায়ে শিৰোনাম দখল কৰে। শেহতীয়াকৈ ঋত্বিক ৰোশনৰ ব্লকবাষ্টাৰ ছবি ‘ৱাৰ ২’ত কৰ্ণেল বিক্ৰান্ত কৌলৰ শক্তিশালী চৰিত্ৰত অভিনয় কৰি দৰ্শকে অতিশয় প্ৰশংসা লাভ কৰিছিল। এতিয়া অনিল আকৌ এবাৰ বাতৰিৰ শিৰোনাম আৰু এইবাৰ কাৰণ তেওঁৰ ৰিয়েল এষ্টেট বিনিয়োগ।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, মুম্বাইৰ আড়ম্বৰপূৰ্ণ অঞ্চল বান্দ্ৰাত অনিল কাপুৰ আৰু তেওঁৰ পুত্ৰ হৰ্ষবৰ্ধন কাপুৰে প্ৰায় ৫ কোটি টকাৰ বিলাসী এপাৰ্টমেণ্ট ক্ৰয় কৰিছে। আগষ্ট মাহত এই চুক্তি চূড়ান্ত কৰা বুলি কোৱা হৈছে।
বান্দ্ৰাৰ প্ৰাইম লকেচনত নতুন ঘৰ
অনিল আৰু হৰ্ষবৰ্ধনৰ নতুন ঘৰটো ‘দ্য স্মোকি হিল চি এইচ এছ লিমিটেড’ নামৰ এখন ছ’চাইটিত অৱস্থিত। এই এপাৰ্টমেণ্টটোৰ মুঠ আয়তন ১১৬৫ বৰ্গফুট, আনহাতে ইয়াৰ কাৰ্পেটৰ আয়তন ৯৭০ বৰ্গফুট। ইয়াৰ উপৰিও ব্যক্তিগত গেৰেজো আছে। পঞ্জীয়নৰ সময়ত কাপুৰ পৰিয়ালে প্ৰায় ৩০ লাখ টকাৰ ষ্টাম্প ডিউটি আদায় দিছে।
ৱৰ্কফ্ৰন্ট
ছবিৰ কথা ক’বলৈ গ’লে অনিল কাপুৰক অতি সোনকালে দেখা যাব ‘আলফা’ত। এই ছবিখনত তেওঁৰ সৈতে মুখ্য চৰিত্ৰত দেখা যাব আলিয়া ভাট আৰু শৰবৰী ৱাগক। ইয়াৰ পূৰ্বে আদিত্য চোপ্ৰাৰ ৱেব ছিৰিজ ‘দ্য ৰেলৱে মেন’ নিৰ্মাণ কৰা শিৱ ৰাৱাইলে এই ছবিখনৰ পৰিচালনা কৰিছে। ২০২৫ চনৰ বৰদিন উপলক্ষে চলিত বৰ্ষত চিনেমাগৃহত মুক্তি পাব ‘আলফা’। বিশেষ কথাটো হ’ল ঋত্বিক ৰোশনও ছবিখনৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে পৰিগণিত হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
