
কাজোলৰ ভয়ানক-পৌৰাণিক ছবি ‘মা’ বৰ্তমান ছবিগৃহত চলি আছে যদিও দৰ্শকৰ বিশেষ সঁহাৰি পোৱা নাই, লগতে সমালোচকৰ কোনো বিশেষ প্ৰশংসাও পোৱা নাই। ছবিখনে বক্স অফিচতো আশা কৰা ধৰণে প্ৰদৰ্শন কৰা নাই। এই ছবিখন প্ৰায় তিনি বছৰৰ মূৰত কাজোলৰ ডাঙৰ পৰ্দাত প্ৰত্যাৱৰ্তন। এতিয়া ছবিখনৰ দ্বিতীয় দিনৰ উপাৰ্জনৰ পৰিসংখ্যা ওলাইছে। আনহাতে, আমিৰ খানৰ ছবি ‘সীতাৰে জামিন পৰ’ মুক্তিৰ নৱম দিনা বক্স অফিচত যথেষ্ট উপাৰ্জন কৰি সকলোকে আচৰিত কৰি তুলিছে।
কাজোলৰ ‘মা’ ছবিখনে শুকুৰবাৰে ৪.৬৫ কোটি টকা উপাৰ্জন কৰি বক্স অফিচত আত্মপ্ৰকাশ কৰে । মুক্তিৰ দ্বিতীয় দিন শনিবাৰে ছবিখনৰ উপাৰ্জন বৃদ্ধি পায়। উইকেণ্ডৰ সুযোগ লৈ শনিবাৰে ‘মা’ই ৬.১৮ কোটি টকাৰ ব্যৱসায় কৰে। এইদৰে দুদিনত ছবিখনৰ মুঠ উপাৰ্জন ১০.৮৩ কোটি টকা হৈছেগৈ। কিন্তু চূড়ান্ত পৰিসংখ্যাৰ সামান্য পৰিৱৰ্তন সম্ভৱ। এতিয়া সকলোৰে দৃষ্টি দেওবাৰৰ উপাৰ্জনৰ ওপৰত, যাৰ বাবে গ্ৰাফ আৰু ওপৰলৈ উঠিব বুলি আশা কৰা হৈছে।
আনহাতে, আমিৰ খানৰ ছবি ‘সীতাৰে জামিন পৰ’ মুক্তিৰ প্ৰথম দিনাৰ পৰাই দৰ্শকৰ হৃদয়ত শাসন কৰি আহিছে। নৱম দিনত ১৩.৬৩ কোটি টকাৰ শক্তিশালী উপাৰ্জন কৰি ভাৰতৰ ১০০ কোটি ক্লাবত প্ৰৱেশ কৰিছে। এতিয়ালৈকে ছবিখনৰ বক্স অফিচত মুঠ সংগ্ৰহ হৈছে ১০৯.৫৫ কোটি টকা। আমিৰ খানৰ কেৰিয়াৰৰ সপ্তম সৰ্বাধিক উপাৰ্জন কৰা ছবি হিচাপে পৰিগণিত হৈছে। বিশেষ কথাটো হ’ল এই ছবিখনত আমিৰে প্ৰথমবাৰৰ বাবে জেনেলিয়া ডিছৌজাৰ সৈতে পৰ্দা শ্বেয়াৰ কৰা দেখা গৈছে।
আনহাতে, কাজোলৰ ছবি ‘মা’ৰ সৈতে মুক্তি পোৱা বিষ্ণু মাঞ্চুৰ ছবি ‘কন্নপ্পা’ত অক্ষয় কুমাৰ, মোহনলাল আৰু প্ৰভাসৰ দৰে ডাঙৰ তাৰকাৰ উপস্থিতিয়ে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। প্ৰথম দিনাই ৯.৩৫ কোটি টকা উপাৰ্জন কৰি ছবিখনে এক সুন্দৰ আৰম্ভণি কৰিছিল। কিন্তু দ্বিতীয় দিনা ছবিখনৰ গতি লেহেমীয়া হোৱাৰ লগে লগে শনিবাৰে ইয়াৰ সংগ্ৰহ মাত্র ৭ কোটি টকালৈ হ্ৰাস পায়। এনেদৰে ‘কন্নপ্পা’ই দুদিনত মুঠ ১৬.৩৫ কোটি টকাৰ ব্যৱসায় কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
