ছুপাৰহিট কমেডী আৰু মনোৰঞ্জন ফ্ৰেঞ্চাইজি মস্তি ৪ পুনৰবাৰ দৰ্শকৰ মাজত হাঁহি কঢ়িয়াই আনিবলৈ সাজু হৈছে। ট্ৰেইলাৰ আৰু চাৰ্টবাষ্টাৰ গীত পকাদ পকাদৰ পিছত মুক্তি পোৱা নতুন ট্ৰেক ৰসিয়া বলমা যিয়ে ছ’চিয়েল মিডিয়াত চৰ্চাৰ সৃষ্টি কৰিছে। ২০২৫ চনৰ ২১ নৱেম্বৰত ছবিগৃহত মুক্তি পাব ছবিখন।
ব্ৰিটেইনৰ সুন্দৰ স্থানত শ্বুট কৰা এই গীতটো হৈছে গ্লেমাৰ আৰু মজাৰ নিখুঁত সংমিশ্ৰণ। ৰিতেশ দেশমুখ, বিবেক অবেৰয়, আৰু আফতাব শিৱদাসনীক তেওঁলোকৰ মজাপ্ৰেমী অৱতাৰত দেখা যায়। তুষাৰ কাপুৰ, ৰুহী সিং, শ্ৰেয়া শৰ্মা, এলনাজ নৰুজী, ছাদ ৰান্ধৱা, আৰু নিশান্ত মালকানীও উপস্থিত হৈ আনন্দ বৃদ্ধি কৰে।
দেশী আৰু আধুনিক বিটৰ এক অনন্য সংযোজন
ৰসিয়া বলমা গীতটিৰ কণ্ঠদান কৰিছে দৰ্শন ৰাথোদ আৰু পয়াল দেৱে, যুটি সঞ্জয়-দৰ্শনৰ সংগীতেৰে, আৰু গীতৰ কথা সঞ্জীৱ চতুৰ্বেদীয়ে লিখিছে। গায়ক দৰ্শন ৰাথোদে কয়, এই গীতটো শুনিলেই নৃত্য মঞ্চলৈ লৈ যায়। ইয়াত দেশী মজাৰ সৈতে আধুনিক বিটৰ সংমিশ্ৰণ ঘটিছে। ছবিখনৰ পৰিচালক মিলাপ মিলান জাভেৰীয়ে কয় যে, মস্তি ৪ মোৰ হাঁহিৰ প্ৰেমৰ পত্ৰ। ই বন্ধুত্ব, প্ৰেম আৰু উন্মাদনাৰ মুহূৰ্তৰ কাহিনী।
ছবিখনত নাৰ্গিছ ফাখৰী আৰু আৰ্ছাদ ৱাৰ্ছীয়েও অভিনয় কৰিছে। ৱেভবেণ্ড প্ৰডাকচন আৰু জি ষ্টুডিঅ’ৰ দ্বাৰা উপস্থাপিত মাষ্টি ৪ মাৰুতি ইণ্টাৰনেশ্যনেল আৰু বালাজী টেলিফিল্মছৰ সহযোগত নিৰ্মাণ কৰা হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
