কবীৰ খানৰ পৰিচালক ‘বজৰংগী ভাইজান’ নামৰ ছুপাৰহিট ছবিখনে আজিও দৰ্শকৰ হৃদয়ত এক বিশেষ স্থান দখল কৰি আছে। ২০১৫ চনত মুক্তি পোৱা এই ছবিখনত ছলমান খান আৰু কৰীনা কাপুৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল যদিও আটাইতকৈ বেছি হৃদয় জয় কৰা চৰিত্ৰটো হ’ল হৰ্ষালী মালহোত্ৰাই অভিনয় কৰা ছোটি মুন্নী। নিজৰ মৰমলগা আৰু সৰলতাৰে দৰ্শকক আকৰ্ষিত কৰি তোলা হৰ্ষালী পুনৰ এবাৰ ডাঙৰ পৰ্দালৈ ঘূৰি আহিবলৈ গৈ আছে। শেহতীয়াকৈ তেওঁৰ পৰৱৰ্তী ছবি ঘোষণা কৰা হৈছে, য’ত তেওঁক সম্পূৰ্ণ নতুন শৈলীত দেখা যাব। হৰ্ষালীক পুনৰ পৰ্দাত দেখি অনুৰাগীসকল অতিশয় উৎফুল্লিত।
বজৰংগী ভাইজানত মুন্নী হৈ সকলোৰে হৃদয় জয় কৰা হৰ্ষালী মালহোত্ৰাই পুনৰবাৰ ডাঙৰ পৰ্দালৈ ঘূৰি আহিছে। সেই ছবিখন দৰ্শকৰ প্ৰিয় আছিল আৰু সমালোচকসকলেও প্ৰশংসা কৰিছিল। এতিয়া দক্ষিণৰ এখন ছবিৰ জৰিয়তে দৰ্শকৰ মন জয় কৰিবলৈ সাজু হৰ্ষালী। অতি সোনকালে হৰ্ষালীক ‘অখণ্ডা-২’ত নতুন আৰু প্ৰত্যাহ্বানমূলক চৰিত্ৰত দেখা যাব। এই ছবিখনত মুখ্য চৰিত্ৰত দেখা যাব দক্ষিণৰ ছুপাৰষ্টাৰ নন্দমুৰি বালকৃষ্ণক। শেহতীয়াকৈ এই ছবিখনৰ পৰা হৰ্ষালীৰ ফাৰ্ষ্ট লুক মুক্তি পাইছে। ছ’চিয়েল মিডিয়া হেণ্ডেলত ‘অখণ্ডা-২’ৰ পোষ্টাৰ শ্বেয়াৰ কৰি এই প্ৰকল্পৰ সৈতে জড়িত হৈ সুখ প্ৰকাশ কৰিছে। তেওঁৰ নতুন অৱতাৰটো দেখি অনুৰাগীসকল অতিশয় উৎসাহিত হৈছে।
‘অখণ্ডা-২’ৰ ঘোষণাৰ পিছতে চৰ্চালৈ আহিছে হৰ্ষালী মালহোত্ৰা। বজৰংগী ভাইজানৰ পিছত এতিয়া এই বৃহৎ বাজেট প্ৰজেক্টত হৰ্ষালীক দেখা যাব। দশহৰাৰ শুভ উপলক্ষে অৰ্থাৎ ২৫ ছেপ্টেম্বৰত হিন্দী, তেলেগু, তামিল, কানাড়া আৰু মালয়ালম আদি ৫টা ভাষাত মুক্তি পাব ছবিখন। এই চলচ্চিত্ৰৰ জৰিয়তে প্ৰায় ১০ বছৰৰ মূৰত অভিনয়ৰ ক্ষেত্ৰখনত পুনৰ প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হৈছে হৰ্ষালী মালহোত্ৰাই।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
