বলীউডৰ অভিনেতা বিকি কৌশলৰ ছবি ‘ছেম বাহাদুৰ’ দৰ্শকে যথেষ্ট ভাল পাইছে। ‘ছেম বাহাদুৰ’ মুক্তিৰ প্ৰথম দিনাই ভাল ব্যৱসায় কৰিছিল। প্ৰথম দিনাই ৬.২৫ কোটি টকা উপাৰ্জন কৰা ছবিখনে নৱম দিনতো বক্স অফিচ দখল কৰি আছে। আনকি ‘এনিমেল’ৰ ছুনামীৰ মাজতো বক্স অফিচত দৃঢ়তাৰে থিয় দিছে ‘ছেম বাহাদুৰ’। ‘ছেম বাহাদুৰ’ মুক্তিৰ পূৰ্বেও বাতৰিৰ শিৰোনামত আছিল। ছবিখনৰ পৰিচালক মেঘনা গুলজাৰ।
‘ছেম বাহাদুৰ’ৰ বক্স অফিচ সংগ্ৰহ-
‘ছেম বাহাদুৰ’ ছবিখনৰ বক্স অফিচ সংগ্ৰহৰ কথা ক’বলৈ গ’লে ছবিখনে প্ৰথম দিনাই ৬.২৫ কোটি টকা সংগ্ৰহ কৰিছিল। বিকি কৌশলৰ ছবিখনে প্ৰথম ৮ দিনত ৪২.৩০ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। এতিয়া নৱম দিনৰ উপাৰ্জনৰ পৰিসংখ্যা ওলাইছে।
ইণ্ডাষ্ট্ৰী ট্ৰেকাৰ ছাকনিলকৰ প্ৰাৰম্ভিক ট্ৰেণ্ড ৰিপৰ্ট অনুসৰি দ্বিতীয় শনিবাৰে ‘ছেম বাহাদুৰ’ছবিখনে ৬.৭৫ কোটি টকা সংগ্ৰহ কৰিছে। এই ছবিখনৰ মুঠ উপাৰ্জন এতিয়া ৪৯.৫ কোটি হৈছেগৈ।
‘ছেম বাহাদুৰ’ছবিখনত দৰ্শকৰ সন্মুখত উপস্থাপন কৰিছে ছেম মানেকশ্ব’ৰ ভাৰতীয় সেনাবাহিনীলৈ অৱদান, তেওঁৰ জীৱন যাত্ৰা, তেওঁৰ দেশপ্ৰেম। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে বিকি কৌশলৰ লগতে ফাতিমা সনা শেখ, সন্যা মালহোত্ৰা, নীৰজ কবি, গোবিন্দ নামদেৱ, মহম্মদ জীশন, আয়ুব। ছবিখনৰ গান ৰচনা কৰিছে গুলজাৰে। ‘ছেম বাহাদুৰ’ ছবিখনে কিমান কোটি টকা উপাৰ্জন কৰিব সেয়া জানিবলৈ আগ্ৰহী দৰ্শক।
হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ
