অভিনেত্ৰী পৰিনীতি চোপ্ৰা আৰু তেওঁৰ স্বামী আম আদমি পাৰ্টিৰ নেতা ৰাঘৱ চাধা পিতৃ-মাতৃ হৈ পৰিছে। দীপাৱলী উদযাপনৰ মাজতে পৰিনীতিয়ে জন্ম দিলে তেওঁলোকৰ প্ৰথম সন্তান, এটি ল’ৰা সন্তান। এই সুখৰ খবৰটোৱে অনুৰাগী আৰু চলচ্চিত্ৰ জগতৰ অভিনন্দনৰ লহৰৰ সৃষ্টি কৰিছে। গৰ্ভধাৰণৰ বাবে কিছুদিন ধৰি বাতৰিৰ শিৰোনাম দখল কৰি আহিছে পৰিনীতি, আৰু এই সময়ছোৱাত ছ’চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় হৈ পৰিছে পৰিনীতি। শেহতীয়াকৈ তেওঁ স্বামী ৰাঘৱৰ বাবে কৰবা চৌথৰ উপবাস পালন কৰে। এতিয়া পুত্ৰৰ জন্মত আনন্দত আত্মহাৰা হৈ পৰিছে দম্পতীহাল।
ছ’চিয়েল মিডিয়াত এটা মিঠা পোষ্ট শ্বেয়াৰ কৰি লিখিছে, অৱশেষত তেওঁ ইয়াত উপস্থিত হৈছে। আমাৰ কেঁচুৱা ল’ৰা, আমাৰ ল’ৰা। আমি সঁচাকৈয়ে ইয়াৰ আগৰ জীৱনটো মনত পেলাব নোৱাৰো। আমাৰ বাহু, আমাৰ হৃদয় ভৰি পৰিছে। পৰিনীতি আৰু ৰাঘৱে এই বাৰ্তাৰ লগত এটা অদৃশ্য চকুৰ ইমোজি আগবঢ়াইছিল। কৃতি ছানন, অনন্যা পাণ্ডেকে ধৰি আন কেইবাগৰাকীও বলীউডৰ তাৰকাই তেওঁলোকৰ পোষ্টটোলৈ অভিনন্দন বাৰ্তা প্ৰেৰণ কৰে।
২০২৩ চনৰ ২৪ ছেপ্টেম্বৰত উদয়পুৰৰ লীলা পেলেচত পৰিনীতি আৰু ৰাঘৱৰ বিবাহ হয়। তেওঁলোকৰ বিয়াত কেৱল ঘনিষ্ঠ বন্ধু-বান্ধৱীয়েই নহয়, কেইবাজনো বিশিষ্ট ৰাজনৈতিক ব্যক্তিও উপস্থিত আছিল। ২০২২ চনত চামকীলা ছবিৰ চেটত তেওঁলোকৰ প্ৰেম কাহিনী আৰম্ভ হৈছিল, যেতিয়া পঞ্জাৱত চিত্ৰগ্ৰহণৰ সময়ত ৰাঘৱে তেওঁৰ ওচৰলৈ গৈছিল। তাৰ পৰাই তেওঁলোকৰ ঘনিষ্ঠতা বাঢ়ি আহিল আৰু এতিয়া বিয়াৰ দুবছৰৰ পাছত এই দম্পতীহালে মাতৃত্ব আৰু পিতৃত্ব অৰ্জন কৰি জীৱনৰ এক নতুন অধ্যায়ত নামি পৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
