শোণিতপুৰ, ০৪ জানুৱাৰী (হি.স.)। শীতৰ কুঁৱলীৰ আশ্বাদনৰ মাজত নিশা দীৰ্ঘ বিৰতিৰ পিছত তেজপুৰৰ ৰাইজে ভূপেন হাজৰিকা কলাভূমি প্ৰাংগনত উপভোগ কৰিলে দেশৰ প্ৰখ্যাত গজল শিল্পীসকলৰ বহুকেইটা কালজয়ী গজল । গজলৰ লগতে দৃষ্টিনন্দন দলীয় মুকাভিনয়, দলীয় আকৰ্ষণীয় নৃত্য, সমবেত সংগীত আৰু বৰগীতেৰে জীপাল হৈ পৰিল তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমি প্ৰাংগন ৷ এটাৰ পাছত আনটো প্ৰখ্যাত গজলৰে শীতৰ নিশা জীপাল হৈ উঠে শ্ৰোতা দৰ্শকৰ মন প্ৰাণ ৷
উল্লেখ্য যে তেজপুৰৰ এজন দক্ষ নাট্যশিল্পী গৌতম পাঠকৰ তৎপৰতাত তেজপুৰত গঢ় লৈ উঠা নাটশিল্পৰ পাঠদান অনুষ্ঠান তেজপুৰ থিয়েটাৰ একাডেমীৰ উদ্যোগত যোৱা কালি শনিবাৰে নিশা অনুষ্ঠিত হয় গজল সন্ধ্যা । ৰাজ্যৰ এগৰাকী জনপ্ৰিয় গজল গায়ক গুৱাহাটীৰ দেৱজিৎ আচাৰ্যই ইটোৰ পিছত সিটো বিখ্যাত গজল পৰিৱেশন কৰি মুগ্ধ কৰি তোলে এই গজল সন্ধ্যাত উপস্থিত শ্ৰোতা দৰ্শকক । প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই বিশিষ্ট অভিনেত্ৰী ডা০ জাহানাৰা বেগমৰ দ্বাৰা জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে আয়োজন কৰা অনুষ্ঠানটি আৰম্ভ হয় । উপস্থিত আন বিশিষ্ট ব্যক্তি সকলেও জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পনৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত মূল অনুষ্ঠানটি আৰম্ভ হয় তেজপুৰৰ শ্ৰী শ্ৰী নিকামূল সত্ৰৰ বৰবায়ন শ্ৰীকুমাৰ বৰুৱাৰ এটি বৰগীতেৰে৷
ইয়াৰ পিছতেই তেজপুৰ থিয়েটাৰ একাডেমীৰ অধ্যক্ষ গৌতম পাঠকৰ আদৰণী ভাষণৰ লগতে ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্ৰী ডা০ জাহানাৰা বেগমে উদ্বোধনী ভাষণ প্ৰদান কৰি তেজপুৰত বহু বছৰ বিৰতিৰ পিছত গজলৰ অনুষ্ঠান আয়োজন কৰি এক সুস্থ ৰুচিবোধৰ পৰিচয় দিবলৈ সক্ষম হৈছে বুলি কৈ গজলৰ গুৰুত্ব আৰু মহত্ব উল্লেখ কৰে ৷ অনুষ্ঠানটিত তেজপুৰৰ পাৰদৰ্শী নৃত্যশিল্পী শিল্পা বৰাৰ পৰিচালনাত লাস্য নৃত্যালয়ৰ কনমানি শিক্ষাৰ্থী ক্ৰমে পৰিণিতা বৰা, কনিস্কা দাস, দৃষ্টি বৰা আৰু আছিয়ানা বৰাই জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলিৰে জুবিন গাৰ্গৰ গীতৰ ওপৰত এটি দৃষ্টিনন্দন নৃত্যৰে জীপাল কৰি তোলে ৷ আনহাতে গজল পৰিৱেশনৰ আৰম্ভণিতে তেজপুৰৰ সংগীতশিল্পী ৰূপম দাস পৰিচালিত আৰু মৃণাল দিম্ফুৰ সহ পৰিচালনাত ব্ৰিজধ্বনি নৃত্যালয়ৰ যুৱতী-মহিলা সকলে এটি সমবেত সংগীত পৰিৱেশন কৰে ৷
ইয়াৰ পিছতেই আমন্ত্ৰিত গজল শিল্পী দেৱজিৎ আচাৰ্যৰ গজল পৰিৱেশনে সকলোকে আপ্লুত কৰি তোলে ৷ তেওঁ কিংবদন্তী শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই দেশৰ প্ৰখ্যাত গজল শিল্পী জগজিৎ সিং,পংকজ উধাচৰ বিখ্যাত গজলৰ লগতে দৰ্শকৰ অনুৰোধত মেহদি হাছানৰ গজলো পৰিৱেশন কৰে ৷ উল্লেখ্য তেজপুৰ থিয়েটাৰ একাডেমীলৈ সহযোগিতা আৰু পৰামৰ্শ আগবঢ়োৱা তেজপুৰৰ কেবাগৰাকীও শুভাকাংক্ষীক সন্মান জনোৱা অনুষ্ঠানটিত তেজপুৰ থিয়েটাৰ একাডেমীৰ শিক্ষাৰ্থী সকলে জাহ্নৱী বড়োৰ পৰিচালনাত দৃষ্টিনন্দন মুকাভিনয়ো পৰিৱেশন কৰে ৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ
