প্ৰাইম ভিডিঅ’ই আজি ২৯ আগষ্টত তেওঁলোকৰ নতুন ছবি ‘ছংছ অৱ পেৰাডাইজ’ৰ প্ৰিমিয়াৰৰ কথা ঘোষণা কৰে। পদ্মশ্ৰী বঁটা বিজয়ী ৰাজ বেগমৰ জীৱন আৰু অসাধাৰণ যাত্ৰাৰ আধাৰত নিৰ্মিত এই ছবিখন। এক্সেল এণ্টাৰটেইনমেণ্টৰ দ্বাৰা উপস্থাপিত এই ছবিখন সংগীত, আবেগ আৰু আত্মাৰ এক অনন্য কাহিনী। ইয়াত কাশ্মীৰৰ প্ৰথমগৰাকী বিখ্যাত প্লেবেক গায়িকাগৰাকীৰ সংগ্ৰাম আৰু কৃতিত্ব দেখুওৱা হৈছে, যিয়ে উপত্যকাৰ মহিলাসকলক অনুপ্ৰাণিত কৰাই নহয় সমগ্ৰ উদ্যোগটোক এক নতুন দিশ প্ৰদান কৰিছিল।
ডেনিছ ৰেঞ্জুৰ পৰিচালনা আৰু নিৰঞ্জন আয়েংগাৰ আৰু সুনায়না কাচৰুৰ সৈতে তেওঁৰ দ্বাৰা ৰচিত এই ছবি ‘ছংছ অৱ পেৰাডাইজ’ত শক্তিশালী এনচেম্বল কাষ্টে অংশগ্ৰহণ কৰিব। দুটা বেলেগ বেলেগ সময়ত সাবা আজাদ আৰু ছোনী ৰাজদানক নূৰ বেগমৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব । তেওঁলোকৰ লগতে জৈন খান দুৰানী, শ্বীবা চাদ্ধা, তাৰক ৰাইনা আৰু লিলেট ডুবেকো গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব। উপত্যকাৰ চিত্ৰময় পটভূমিত নিৰ্মিত ছবিখনে সাহস, পৰিচয় আৰু সাহসৰ এক প্ৰেৰণাদায়ক কাহিনী উপস্থাপন কৰিছে। ২৯ আগষ্টত প্ৰাইম ভিডিঅ’ত প্ৰিমিয়াৰ হ’ব ‘ছংছ অৱ পেৰাডাইজ’।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
