বক্স অফিচত বিশাল ব্যৱসায় কৰিছে প্ৰভাসৰ ‘ছালাৰ’। এই ছবিখনে দৰ্শকৰ পৰা অতি উত্তম সঁহাৰি লাভ কৰিছে। কেৱল এয়াই নহয়, প্ৰভাসৰ ক্ৰাইম থ্ৰিলাৰ ছবিখনে চলিত বৰ্ষৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হৈছে। ‘ছালাৰ’ মুক্তিৰ সপ্তম দিনতো কোটি কোটি টকা উপাৰ্জন কৰিছে। ৭ম দিনৰ সংগ্ৰহৰ পিছত ছবিখনে ৫০০ কোটি টকাৰ ক্লাবত যোগদান কৰাৰ সম্ভাৱনা আছে।
‘ছালাৰ’ ছবিগৃহত মুক্তি লাভ কৰিছিল ২২ ডিছেম্বৰত। ছবিখনে মুক্তিৰ প্ৰথম দিনাৰ পৰাই বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছে। প্ৰথম দিনাই ছবিখনে উপাৰ্জন কৰিছিল ৯০.৭০ কোটি টকা। এই ছবিখন বছৰৰ সৰ্বাধিক মুকলি ছবি হিচাপে পৰিগণিত হৈছে। ‘ছালাৰ’ মুক্তিৰ দ্বিতীয় দিনা ৫৬.৩৫ কোটি, তৃতীয় দিনা ৬২.০৫ কোটি, চতুৰ্থ দিনত ৪৬.৩০ কোটি, পঞ্চম দিনা ২৪.৯০ কোটি আৰু ষষ্ঠ দিনত ১৫.১০ কোটি টকা সংগ্ৰহ কৰে। এতিয়া ছবিখনৰ সপ্তম দিনৰ উপাৰ্জনৰ পৰিসংখ্যা প্ৰকাশ পাইছে।
সাকনিলকৰ ট্ৰেণ্ড ৰিপৰ্ট অনুসৰি মুক্তিৰ সপ্তম দিনটোত ‘ছালাৰ’ই ১৩.৫০ কোটি টকা সংগ্ৰহ কৰিছে। ইয়াৰ লগে লগে ‘ছালাৰ’ৰ মুঠ ৭ দিনৰ সংগ্ৰহ এতিয়া ৩০৮.৯০ কোটি টকা হৈছে। ‘ছালাৰ’ই কেৱল দেশতে নহয়, সমগ্ৰ বিশ্বতে বিপুল লাভ অৰ্জন কৰিছে। বিশ্বব্যাপী বক্স অফিচতো এই ছবিখনে ভাল সঁহাৰি লাভ কৰিছে।
ছবিখনৰ বিশ্বব্যাপী উপাৰ্জনৰ কথা ক’বলৈ গ’লে ‘ছালাৰ’ ছবিখনে মুক্তিৰ ৬ দিনত ৪৫০.৭০ কোটি টকা সংগ্ৰহ কৰিছে। সপ্তম দিনটোত ছবিখনৰ বিশ্বব্যাপী সংগ্ৰহ ২০-৩০ কোটি টকা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ৭ম দিনৰ সংগ্ৰহৰ পিছত ছবিখনে ৫০০ কোটি টকাৰ ক্লাবত যোগদান কৰাৰ সম্ভাৱনা আছে।
হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ
