‘নো এণ্ট্ৰি’ ছবিখনৰ ছিকুৱেল ঘোষণাৰ পিছৰে পৰা দৰ্শকৰ মাজত প্ৰচণ্ড উৎসাহ। এই ছবিখনৰ পৰিচালক অনিছ বাজমী আৰু ইয়াৰ প্ৰযোজক বনী কাপুৰ। ছবিখনৰ লগত জড়িত বহু তথ্য অহৰহ ওলাই আহিছে। শেহতীয়াকৈ খবৰ আহিছিল যে দিলজিৎ দোসাঞ্জ ‘নো এণ্ট্ৰি ২’ৰ অংশ নহ’ব। এতিয়া ছবিখনৰ পৰা দিলজিতৰ বিচ্ছেদ নিশ্চিত কৰিছে নিজেই বনী কাপুৰে।
সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত বনী কাপুৰে স্পষ্ট কৰি দিয়ে যে দিলজিৎ দোসাঞ্জে নিজকে ‘নো এণ্ট্ৰি ২’ৰ পৰা পৃথক কৰিছে। তেওঁ কয়, হয়, আমি ভাল পৰিৱেশত পৃথক হৈছো। ইয়াৰ একমাত্ৰ কাৰণ হ’ল তেওঁৰ তাৰিখ আমাৰ শ্বুটিং সূচীৰ সৈতে মিল নাছিল। আশাকৰোঁ অতি সোনকালে আমি একেলগে পাঞ্জাবী ছবি এখনত কাম কৰিম। ইয়াৰ পূৰ্বে পৰিচালক আনীছ বাজমীয়েও দিলজিতৰ ছবিখনৰ পৰা বাহিৰ হোৱাৰ কথা নিশ্চিত কৰিছিল।
২০০৬ চনত মুক্তি পোৱা ছুপাৰহিট ছবি ‘ন’ এণ্ট্ৰি’ৰ ছিকুৱেল ‘নো এণ্ট্ৰি ২’।মূল ছবিখনত অনিল কাপুৰ, ছলমান খান আৰু ফাৰ্দিন খানক মুখ্য চৰিত্ৰত দেখা গৈছিল। বিশেষ কথাটো হ’ল ‘নো এণ্ট্ৰি’ ২০০২ চনৰ তামিল ছবি ‘চাৰ্লি চেপলিন’ৰ হিন্দী ৰিমেক আছিল, যিখন ছবি এতিয়াও আমাজন প্ৰাইম ভিডিঅ’ত উপলব্ধ। একে সময়তে ইয়াৰ ছিকুৱেল ‘নো এণ্ট্ৰি ২’ত মুখ্য চৰিত্ৰত দেখা যাব বৰুণ ধাৱন আৰু অৰ্জুন কাপুৰক।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
