বলীউডৰ অভিনেতা অজয় দেৱগন আৰু ৰাকুল প্ৰীত সিঙৰ বহু প্ৰত্যাশিত ছবি দে দে প্যায়াৰ দে ২ চলিত মাহত মুক্তি পাবলৈ সাজু হৈছে। ২০১৯ চনৰ ছুপাৰহিট দে দে প্যায়াৰ দেৰ ছিকুৱেল, যিয়ে দৰ্শকক হাঁহি, আৱেগ, আৰু সম্পৰ্কৰ জটিলতাৰে সম্পূৰ্ণৰূপে মনোৰঞ্জন দিছিল। দ্বিতীয় খণ্ডৰ পৰাও দৰ্শকে একেধৰণৰ মজাৰ আৰু আকৰ্ষণীয় টুইষ্ট আশা কৰিব পাৰে।
শেহতীয়াকৈ ছবিখনৰ নিৰ্মাতাসকলে মুকলি কৰিছে ৩ শৌক নামৰ এটা নতুন গীত যিটো হাই-এনাৰ্জি বিট আৰু পাঞ্জাবী ফ্লেভাৰৰ বাবে ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ট্ৰেণ্ডিং হৈছে। এই পেপি ট্ৰেকটো কৰণ আউজলা আৰু অবি চাৰাৰ দ্বাৰা গোৱা হৈছে, গীতৰ কথাও অবি চাৰাৰ দ্বাৰা লিখা হৈছে। গীতটোৰ নৃত্য পৰিচালক গণেশ আচাৰ্যই নিজৰ চিগনেচাৰ ষ্টাইলত বিস্ফোৰক খোজেৰে সজাই তুলিছে। মেকাৰসকলে গীতটো মুকলি কৰি লিখিছে, ডালেৰ পাঞ্জাবীৰ ঘৰত! ‘৩ শৌক’ গীতটো ওলাইছে।
এই গীতটোৰ আকৰ্ষণীয় দিশটো হ’ল জাভেদ জাফ্ৰি আৰু তেওঁৰ পুত্ৰ মীজান জাফ্ৰিক প্ৰথমবাৰৰ বাবে একেলগে নাচি থকা দেখা গৈছে। তেওঁলোকৰ ছিজলিং কেমিষ্ট্ৰী আৰু শক্তিশালী খোজবোৰে গীতটোত প্ৰচণ্ড পৰিমাণৰ শক্তি যোগ কৰে। ছবিখনত মীজাইনে অজয় দেৱগনৰ পুত্ৰৰ চৰিত্ৰত অভিনয় কৰিছে আৰু দুয়োৰে মাজত এই নৃত্যৰ ক্ৰম অনুৰাগীৰ বাবে এক দৃশ্যগত উপহাৰ হৈ পৰিছে। তদুপৰি আৰ মাধৱন আৰু গৌতমী কাপুৰকো গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব, যিয়ে কাহিনীটোত এক নতুন কোণ আৰু গভীৰতা যোগ কৰিব।
২০২৫ চনৰ ১৪ নৱেম্বৰত ছবিগৃহত মুক্তি পাব ‘দে দে প্যাৰ দে ২’ ছবিখনৰ ট্ৰেইলাৰ আৰু গীতৰ প্ৰতি লাভ কৰা আপ্লুত সঁহাৰিৰ পৰা বিচাৰ কৰিলে স্পষ্ট যে অজয় দেৱগন আৰু ৰাকুল প্ৰীত সিঙে অভিনীত এই ৰোমান্টিক কমেডী ছবিখনে আকৌ এবাৰ দৰ্শকৰ হৃদয় জয় কৰিবলৈ সাজু হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
