
বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ ছবি ‘ডংকি’ ছবিগৃহত মুক্তি পোৱা ৫ দিন হ’ল। শ্বাহৰুখ খান অভিনীত এই ছবিখন ২১ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছিল। ‘পাঠান’ আৰু ‘জোৱান’ৰ পিছত এইখন শ্বাহৰুখ খানৰ বছৰৰ তৃতীয়খন ছবি। শ্বাহৰুখৰ দুখন ছবিৰ তুলনাত ‘ডংকিয়ে’ ইমান সফলতা লাভ কৰা নাই যদিও ছবিখনে বক্স অফিচত ভাল প্ৰদৰ্শন আগবঢ়াইছে। বক্স অফিচত ১২৮.১৩ কোটি টকা আৰু বিশ্বজুৰি ২০০ কোটি টকাৰ পৰিসংখ্যা অতিক্ৰম কৰি পাঁচ দিনত ‘ডংকি’ ছবিখনে ব্যৱসায় কৰছে।
ছাকনিলকৰ প্ৰতিবেদন অনুসৰি পঞ্চম দিনটোত ‘ডংকি’ৰ উপাৰ্জন সামান্য হ্ৰাস পাইছে। সোমবাৰে ছবিখনে ২২.৫০ কোটি টকা সংগ্ৰহ কৰিছে। ‘ডংকি’ ছবিখনৰ প্ৰথম দিনাই ৩০ কোটি টকাৰ বাম্পাৰ ওপেনিং হৈছিল। ‘ছালাৰ’ মুক্তিৰ দ্বিতীয় দিনা ‘ডংকি’ৰ উপাৰ্জন সামান্য হ্ৰাস পায়। দ্বিতীয় দিনা ২০.১২ কোটি, তৃতীয় দিনা ২৫.৬১ কোটি আৰু চতুৰ্থ দিনত ৩১.৫০ কোটি টকা সংগ্ৰহ কৰে ‘ডংকি’। ৰাজকুমাৰ হিৰাণীৰ পৰিচালিত এই ছবিখনত শ্বাহৰুখ খানৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে তাপসী পান্নুৱে। এই ছবিখনত উপাৰ্জনৰ বাবে বহিঃৰাজ্যলৈ যাব বিচৰা লোকৰ কাহিনী চিত্ৰিত কৰা হৈছে। কাহিনীটো পঞ্জাৱৰ পৰা অনুপ্ৰাণিত আৰু এইটোৱেই ৰাজকুমাৰ হিৰানীৰ শ্বাহৰুখৰ সৈতে প্ৰথম প্ৰজেক্ট।
হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ/অৰবিন্দ
