স্বাধীনতা দিৱস উপলক্ষে ছবিগৃহত মুক্তি লাভ কৰা ছুপাৰষ্টাৰ ৰজনীকান্তৰ বহু প্ৰত্যাশিত ছবি ‘কুলি’ মুক্তিৰ প্ৰথম দিনাৰ পৰাই বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে। এতিয়া ছবিখনৰ ষষ্ঠ দিনৰ উপাৰ্জনৰ পৰিসংখ্যাও ওলাইছে, যিয়ে ছবিখনৰ সফলতাৰ সাক্ষ্য দিছে।
বক্স অফিচ ট্ৰেকিং পৰ্টেল চাকনিল্কৰ প্ৰতিবেদন অনুসৰি ৰজনীকান্তৰ ছবি ‘কুলি’ মুক্তিৰ ষষ্ঠ দিন অৰ্থাৎ প্ৰথম মঙলবাৰে প্ৰায় ৯.৫০ কোটি টকা উপাৰ্জন কৰে। ইয়াৰ লগে লগে ছবিখনৰ বক্স অফিচত মুঠ সংগ্ৰহ ২১৬ কোটি টকালৈ বৃদ্ধি পাইছে। মন কৰিবলগীয়া যে ছবিখনৰ প্ৰথম দিনটোতে ৬৫ কোটি টকাৰ ডাঙৰ ওপেনিং হৈছিল। প্ৰায় ৪০০ কোটি টকাৰ গ্ৰেণ্ড বাজেটত নিৰ্মিত এই ছবিখনে বৰ্তমান বক্স অফিচত ‘ৱাৰ ২’ৰ দৰে এখন ডাঙৰ ছবিৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে।
‘কুলি’ৰ পৰিচালক হৈছে ‘লিয়ো’ আৰু ‘মাষ্টাৰ’ৰ দৰে হিট ছবিৰ বাবে পৰিচিত বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা লোকেশ কানাগৰাজে। এই ছবিখনে প্ৰথমবাৰৰ বাবে ৰজনীকান্ত আৰু লোকেশ কানাগৰাজক একত্ৰিত কৰিছে। ইয়াত ৰজনীকান্তে দেৱৰ শক্তিশালী চৰিত্ৰত অভিনয় কৰিছে। থালাইভাৰ প্ৰচণ্ড একচন আৰু ষ্টাইল দৰ্শকে ভাল পোৱাৰ লগতে অনুৰাগীসকল পুনৰবাৰ তেওঁক লৈ উন্মাদ হৈ পৰিছে। ছবিখনৰ তাৰকা অভিনেতাও অতি বিশেষ, য’ত নাগাৰ্জুনা আকিনেনী, শ্ৰুতি হাছান, সৌবিন শ্বাহীৰ, উপেন্দ্ৰ, আমিৰ খান, সত্যৰাজ আৰু ৰচিতা ৰামৰ দৰে ডাঙৰ অভিনেতাক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা গৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
