অভিনেতা বৰুণ ধাৱন আৰু জানহৱী কাপুৰৰ ৰোমান্টিক কমেডী ছবি ছানি সংস্কৰী কি তুলসী কুমাৰী বক্স অফিচত নিজৰ দখল অক্ষুণ্ণ ৰাখিছে। ছবিখনে দৰ্শকৰ ইতিবাচক সঁহাৰি লাভ কৰিছে। শশাংক খৈতনে পৰিচালনা কৰা এই ছবিখনে যোৱা ২ অক্টোবৰত মুক্তি লাভ কৰা ছবিখনে লাহে লাহে চিনেমাগৃহত গতি লাভ কৰিবলৈ সক্ষম হৈছে।
সপ্তাহৰ শেষৰ ফালে উপাৰ্জন বৃদ্ধি
শক্তিশালী মুকলি দিনৰ পিছত দ্বিতীয় দিনা সামান্য হ্ৰাস পাইছিল যদিও ছুটিৰ দিন ওচৰ চাপি অহাৰ লগে লগে ছবিখনে পুনৰ গতি লাভ কৰিছিল। বক্স অফিচ ট্রেকাৰ ছেকনিল্কৰ অনুসৰি, ছানি সংস্কৰী কি তুলসী কুমাৰী মুক্তিৰ চতুৰ্থ দিনটোত ৭.৭৫ কোটি টকা উপাৰ্জন কৰে। ছবিখনে প্ৰথম দিনাই ৯.২৫ কোটি, দ্বিতীয় দিনা ৫.৫ কোটি, আৰু তৃতীয় দিনা ৭.৫ কোটি উপাৰ্জন কৰে। এইদৰে বৰুণ আৰু জানহৱীৰ ছবিখনৰ মুঠ উপাৰ্জন চাৰিদিনত ৩০ কোটি হৈছেগৈ।
ধৰ্ম প্ৰডাকচনৰ বেনাৰত নিৰ্মিত বৰুণ ধাৱন আৰু জানহৱী কাপুৰৰ ছানি সংস্কৰী কি তুলসী কুমাৰী ছবিখনৰ বাজেট প্ৰায় ৮০ কোটি টকা বুলি জানিব পৰা গৈছে। কিন্তু মুক্তিৰ পিছৰ চাৰিদিনত ছবিখনে মাত্ৰ ৩০ কোটি টকা উপাৰ্জন কৰিছে। গতিকে ছবিখনক যদি হিট বুলি ঘোষণা কৰিব লাগে তেন্তে অনাগত দিনত ছবিখনে উপাৰ্জনৰ গতি অক্ষুণ্ণ ৰাখিব লাগিব। এই ৰোমান্টিক-কমেডী ছবিখনত বৰুণ আৰু জানহৱীৰ সৈতে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে সন্যা মালহোত্ৰা, ৰোহিত চাৰাফ, আৰু মনীষ পলে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
