অভিনেতা তথা পৰিচালক ঋষব শ্বেট্টীৰ ছবি ‘কান্তৰা চেপ্তাৰ ১’ বৰ্তমান বক্স অফিচত ঢৌ তুলিছে। ২ অক্টোবৰত চিনেমাগৃহত মুক্তি পোৱা ছবিখনে মুক্তিৰ পিছৰে পৰা প্ৰতিদিনে বক্স অফিচত নতুন নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ছবিখনে দৰ্শক আৰু সমালোচক উভয়ৰে প্ৰচণ্ড প্ৰশংসা লাভ কৰিছে।
সাইকনিল্কৰ প্ৰাৰম্ভিক তথ্য অনুসৰি মুক্তিৰ পঞ্চম দিন সোমবাৰে ছবিখনে ৩০.৫০ কোটি টকা উপাৰ্জন কৰে। ইয়াৰ পূৰ্বে ছবিখনে প্ৰথম দিনাই ৬১.৮৫ কোটি, দ্বিতীয় দিনা ৪৫.৪ কোটি, তৃতীয় দিনা ৫৫ কোটি, চতুৰ্থ দিনত ৬৩ কোটি টকা উপাৰ্জন কৰিছিল। ফলস্বৰূপে ভাৰতত ছবিখনৰ মুঠ উপাৰ্জন এতিয়া ২৫৫.৭৫ কোটি হৈছেগৈ। এই দ্ৰুতগতিত আগবাঢ়ি অহা পৰিসংখ্যাই স্পষ্টভাৱে ইংগিত দিয়ে যে ‘কান্তৰা চেপ্তাৰ ১’ এতিয়া ৩০০ কোটিৰ ক্লাবত যোগদানৰ অতি ওচৰ চাপিছে। ব্যৱসায়ৰ ক্ষেত্ৰত ২০২৪ চনৰ অন্যতম বৃহৎ ব্লকবাষ্টাৰ ছবি হিচাপে পৰিগণিত হৈছে ছবিখন।কেৱল ভাৰততে নহয়, বহিঃৰাজ্যৰ বক্স অফিচতো এই ছবিখনে শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছে। খবৰ অনুসৰি এই ছবিখনে বিশ্বজুৰি মুঠ ₹৩৬২.৭৫ কোটি টকা উপাৰ্জন কৰিছে। ই ৰণবীৰ সিং আৰু দীপিকা পাডুকনৰ ঐতিহাসিক ছবি বাজীৰাও মস্তানী (২০১৫) (৩৫৫ কোটি)ৰ বিশ্বব্যাপী সংগ্ৰহক অতিক্ৰম কৰিছে।
‘কান্তৰা চেপ্তাৰ ১’ ২০২২ চনৰ ছুপাৰহিট ছবি কান্তৰাৰ প্ৰিক্যুৱেল। প্ৰথমখন ছবিয়ে লোককথা আৰু সংস্কৃতিৰ যাদুকৰী মিশ্ৰণেৰে দৰ্শকক মোহিত কৰিলেও এই প্ৰিক্যুৱেলে ঋষব শ্বেট্টীৰ কাহিনী কোৱা আৰু পৰিচালনাক এক নতুন স্তৰলৈ উন্নীত কৰিছে। ছবিখনৰ আচৰিত ধৰণৰ চিনেমেট’গ্ৰাফী, লোকসংস্কৃতিৰ গভীৰ প্ৰভাৱ, আৰু শক্তিশালী অভিনয়ে ইয়াক এক দৃশ্যগত উপহাৰ হিচাপে গঢ়ি তুলিছে। প্ৰথম পাঁচ দিনত লাভ কৰা আপ্লুত সঁহাৰিয়ে স্পষ্টভাৱে ইংগিত দিয়ে যে ‘কান্তৰা চেপ্তাৰ ১’ য়ে অনাগত দিনত আৰু বহু উপাৰ্জনৰ অভিলেখ ভংগ কৰিবলৈ সাজু হৈছে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
