বলীউডৰ শীৰ্ষ অভিনেত্ৰী দীপিকা পাডুকনে নিজৰ কেৰিয়াৰত বহু ছুপাৰহিট আৰু স্মৰণীয় ছবিত অভিনয় কৰিছে। সেই ছবিসমূহৰ ভিতৰত এখন আছিল নাগ অশ্বিনৰ পৰিচালনাত নিৰ্মিত মেগা বাজেট ছবি ‘কলকি ২৮৯৮ এডি’, যিয়ে বক্স অফিচত ১০০০ কোটি ₹ৰো অধিক উপাৰ্জন কৰি ইতিহাস ৰচনা কৰে। ছবিখনৰ সফলতাৰ পিছত দৰ্শকে ইয়াৰ ছিকুৱেলৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰিছিল। বিশেষকৈ প্ৰভাস আৰু দীপিকাৰ অনস্ক্ৰীণ যোৰা দেখি অনুৰাগীসকল উৎফুল্লিত হৈ পৰিছিল। কিন্তু এতিয়া ছবিখন সন্দৰ্ভত এটা ডাঙৰ আৰু চাঞ্চল্যকৰ খবৰ ওলাইছে।
খবৰ আৰু প্ৰডাকচন হাউছে জাৰি কৰা আনুষ্ঠানিক বিবৃতি অনুসৰি দীপিকা পাডুকন ‘কলকী ২৮৯৮ এডি ২’ৰ অংশ নহ’ব। ছ’চিয়েল মিডিয়াত ঘোষণা কৰি প্ৰযোজকসকলে স্পষ্ট কৰি দিয়ে যে দীপিকাক ছিকুৱেলত দেখা নাযায়। ২০২৭ চনত মুক্তি পাবলগীয়া ছবিখনৰ কিছু দৃশ্য ইতিমধ্যে শ্বুটিং কৰা হৈছে বুলি জানিব পৰা গৈছে। অৱশ্যে এই হঠাৎ ঘোষণাই অনুৰাগীক আচৰিত কৰি তুলিছে। দীপিকাৰ প্ৰস্থানৰ কাৰণো স্পষ্ট কৰি দিছে প্ৰযোজকসকলে।
বৈজয়ন্তী মুভিজে নিজৰ অফিচিয়েল ছ’চিয়েল মিডিয়া পোষ্টত লিখিছে, আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে যে দীপিকা পাডুকন ‘কলকী ২৮৯৮ এডি’ৰ ছিকুৱেলৰ অংশ নহ’ব। বিস্তৃত বিবেচনা আৰু আলোচনাৰ অন্তত আমি বিদায় লোৱাৰ সিদ্ধান্ত লৈছো। প্ৰথমখন ছবি নিৰ্মাণৰ কাম আছিল এক দীঘলীয়া যাত্ৰা আৰু কঠোৰ পৰিশ্ৰম, কিন্তু আমি এই অংশীদাৰিত্ব অব্যাহত ৰাখিব পৰা নাছিলো। ‘কলকি ২৮৯৮ এডি’ৰ দৰে এখন ছবি প্ৰতিশ্ৰুতি আৰু নিষ্ঠাৰ যোগ্য, আৰু তাতোকৈ বেছি আমি দীপিকাৰ ভৱিষ্যতৰ বাবে শুভকামনা জনাইছো।
এই বক্তব্যৰ পিছতে ছ’চিয়েল মিডিয়াত অনুৰাগীৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ছবিখনত দীপিকাৰ অনুপস্থিতিৰ খবৰ পাই বহুকেইজন হতাশ হোৱাৰ বিপৰীতে একাংশ দৰ্শকে প্ৰকৃত কাৰণ জানিব বিচাৰে। এতিয়া লক্ষ্যণীয় হ’ব দীপিকাৰ ঠাইত কোনগৰাকী নতুন অভিনেত্ৰীক প্ৰযোজকসকলে অভিনয় কৰাৰ সিদ্ধান্ত লৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
