যোৱা ২৭ অক্টোবৰত মুক্তি পাইছিল বলীউডৰ ৰাণী কংগনা ৰানাৱতৰ ছবি তেজস, কিন্তু ছবিখনে বক্স অফিচত হতাশাজনক প্ৰদৰ্শন আগবঢ়াইছে। যোৱা কেইবাদিনো এই ছবিখনক লৈ যথেষ্ট চৰ্চা চলিছিল। কিন্তু ছবিখনে মুক্তিৰ পাছত বক্স অফিচত নিজৰ যাদু দেখুৱাবলৈ ব্যৰ্থ হোৱা যেন লাগে। বক্স অফিচত তেজছে আশা কৰাতকৈ বহু কম উপাৰ্জন কৰিছিল।
ছবিখনে মুক্তিৰ প্ৰথম আৰু দ্বিতীয় দিনাই ১.২৫ কোটি টকা সংগ্ৰহ কৰে। এই পৰিসংখ্যা যদি আমি চাওঁ তেন্তে দুদিনত ছবিখনে মাত্ৰ ২.৫০ কোটি টকাহে সংগ্ৰহ কৰিছে। তৃতীয় দিন অৰ্থাৎ দেওবাৰেও ছবিখনে ৫ কোটি টকাৰ সীমা অতিক্ৰম কৰিব নোৱাৰিলে। ইয়াৰ বাবেই বহু ছবিগৃহত কংগনাৰ ছবিখনৰ প্ৰদৰ্শন কমি যায়।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি দেওবাৰে তেজছ চাবলৈ গড়ে ১০ৰ পৰা ১২জন লোক প্ৰেক্ষাগৃহত উপস্থিত থাকে। সোমবাৰৰ পৰা এই ছবিখনৰ ৫০ শতাংশ শ্ব’ হ্ৰাস পাইছে। ছাকনিলকৰ প্ৰতিবেদন অনুসৰি স্পষ্ট যে সোমবাৰে তেজছে মাত্ৰ প্ৰায় ৫০ লাখ টকাহে উপাৰ্জন কৰিছিল। প্ৰেক্ষাগৃহৰ মালিক আৰু বিতৰকে কৈছে যে বিহাৰৰ একাংশ প্ৰেক্ষাগৃহত এখনো টিকট বিক্ৰী হোৱা নাই।
শেহতীয়াকৈ কংগনাই এটা ভিডিঅ’ পোষ্ট কৰি দৰ্শকক ছবিখন ছবিগৃহত চাবলৈ অনুৰোধ জনাইছিল। সেই ভিডিঅ’টোৰ বাবেও কংগনাক বহুত ট্ৰ’ল কৰা হৈছিল। বলীউডৰ বিৰুদ্ধে মাত মতা কংগনাক নেটিজেনে সমালোচনা কৰিছিল। ‘ঢাকড়’তকৈ ভাল হোৱাৰ পাছতো কংগনাৰ ‘তেজছ’ ছবিখন বক্স অফিচত চলি থকাটো অসম্ভৱ যেন লাগিছে ৷
হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ/অৰবিন্দ
