কাৰ্তিক আৰ্য্যন আৰু অনন্যা পাণ্ডে অভিনীত ছবি তু মেৰী মে তেৰা, মে তেৰা তু মেৰী বৰদিনৰ দিনা চিনেমাগৃহত মুক্তি লাভ কৰিছিল যদিও ইয়াৰ পিছতো ছবিখনৰ উপাৰ্জন দৈনিক হ্ৰাস পাইছে। আনকি সপ্তাহৰ শেষৰ ফালেও বক্স অফিচত কোনো বিশেষ বৃদ্ধি হোৱা নাছিল। প্ৰায় ₹৯০ কোটি বাজেটেৰে নিৰ্মিত এই ছবিখনে বৰ্তমান খৰচ আদায় কৰাৰ পৰা বহু দূৰত যেন লাগে। ছবিখনৰ প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাতাসকলে দৰ্শকক আকৰ্ষণ কৰিবলৈ এক নতুন কৌশল গ্ৰহণ কৰিছে।
দৰ্শকৰ বাবে এক বিশেষ অফাৰ:
কৰণ জোহৰৰ ধৰ্ম প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ বাবে এটা কিনক, এটা বিনামূলীয়া পাওক অফাৰ ঘোষণা কৰা হৈছে। ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰযোজকসকলে ঘোষণা কৰিছে যে এখন টিকট ক্ৰয়ৰ লগে লগে এটা টিকট বিনামূলীয়া হ’ব। অৱশ্যে এই অফাৰ সীমিত সময়ৰ বাবে আৰু ২৯ ডিচেম্বৰলৈকেহে বৈধ হ’ব।
এতিয়ালৈকে উপাৰ্জন:
চাকনিল্কৰ এক প্ৰতিবেদন অনুসৰি ছবিখনে চতুৰ্থ দিনটোত প্ৰায় ₹৫.২৫ কোটি টকা সংগ্ৰহ কৰে। ইয়াৰ লগে লগে চাৰিদিনত বক্স অফিচৰ মুঠ ৰাজহ ২৩.৭৫ কোটি ₹ হৈছেগৈ। এই অফাৰে দৰ্শকক থিয়েটাৰলৈ আকৰ্ষণ কৰাত কিমান ফলপ্ৰসূ হ’ব সেয়া লক্ষণীয় হ’ব।
हिन्दुस्थान समाचार / অৰৱিন্দ
