জাৰ পিকচাৰ্ছ আৰু ফ্লিপ ফিল্মছৰ বেনাৰত নিৰ্মিত ‘নিশানচি’ ছবিৰ ৰোমান্টিক গীত ‘নীন্দ ভি তেৰী’ মুক্তি পাইছে। ছবিখনৰ প্ৰযোজক অজয় ৰায় আৰু ৰঞ্জন সিং তথা অনুৰাগ কাশ্যপে পৰিচালনা কৰিছে। এই ছবিখনৰ জৰিয়তে এক শক্তিশালী দ্বৈত চৰিত্ৰত অভিনয়ত আত্মপ্ৰকাশ কৰিছে ঐশ্বৰ্য থাকৰে। তেওঁৰ লগতে বেদিকা পিণ্টো, মনিকা পানোৱাৰ, মহম্মদ জীশান আয়ুব আৰু কুমুদ মিশ্ৰকো গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব।
মনন ভৰদ্বাজৰ ৰচনা, সুৰ আৰু কণ্ঠদান কৰা আমাজন এম জি এম ষ্টুডিঅ’ ইণ্ডিয়া আৰু জি মিউজিকে মুক্তি দিয়া ‘নীন্দ ভি তেৰী’ ছবিখনৰ প্ৰথমটো ৰোমান্টিক গীত। তেওঁৰ বিশেষ শৈলী গীতটোত দেখা গৈছে, ই এক অতি শান্তিদায়ক আৰু আৱেগিক গীত। প্ৰেমৰ কোমলতা, হৃদয়ত পুতি থোৱা আৱেগ আৰু সম্পৰ্কবোৰ চিৰদিনৰ বাবে সলনি কৰা সেই সৰু সৰু পৰিৱৰ্তনবোৰ এই গীতটোৱে সুন্দৰকৈ দেখুৱাইছে। নিশানচিয়ে দুজন ভাতৃৰ জটিল কাহিনীক চিত্ৰিত কৰিছে আৰু ১৯ ছেপ্টেম্বৰত সমগ্ৰ দেশৰ চিনেমা হলত মুক্তি পাব ছবিখন।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
