
ধুবুৰী, ০৪ জুলাই (হি.স.): ধুবুৰী জিলাৰ সাপটগ্রাম আৰক্ষীয়ে অভিযান চলাই যোৱাকালি বৃহস্পতিবাৰে আবেলি ৰাণীগঞ্জৰ হেলাগাড়ী অঞ্চলত নিচা জাতীয় টেবলেটসহ কুখ্যাত দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গোপন সূত্ৰৰ ভিত্তিত চলোৱা এই অভিযানত সাপটগ্রাম থানাৰ আৰক্ষী বিষয়া দ্বীপজ্যোতি মালাকাৰে নেতৃত্ব দিয়ে।
আটক ব্যক্তি দুজন বিলাসীপাৰা থানাৰ অন্তৰ্গত আজাৰাগাঁৱৰ অপিজুল হক আৰু ছাপিদুল হক বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে লোক দুজনৰ জনৰ পৰা কেইটামান টেবলেটৰ পেকেটৰ ভিতৰত লুকুৱাই ৰখা ২০৮ গ্রাম টেবলেট আৰু ম’বাইল ফোন আৰু এখন এএছ ১৭ এন ৭৬১৫ নম্বৰৰ বাইক জব্দ কৰে।
সৰবৰাহকাৰী দুজনে টেবলেট খিনি কোন লোকক অথবা ক’ত পৰিবহণ কৰিবলৈ লৈ গৈছিল, তাৰ সুনিৰ্দিষ্ট তথ্য এতিয়ালৈকে আৰক্ষীৰ হাতত অহা নাই বুলি জানিব দিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
