
শিৱসাগৰ, ১০ ছেপ্টেম্বৰ (হি.স.): শিৱসাগৰত যোৱাকালি মঙলবাৰে নিশা এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা হয়। শিৱসাগৰৰ নগৰৰ কে পি চাৰিআলিত বিশাল হাজৰিকা নামৰ যুৱকজনক আটক কৰা হৈছে।
শিৱসাগৰ আৰক্ষীৰ নগৰ পৰিদৰ্শকে চলোৱা অভিযানত বিশাল হাজৰিকা লগত প্ৰায় ৬৬ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰা হয়। আটকাধীন বিশাল হাজৰিকাক বৰ্তমান শিৱসাগৰ সদৰ থানাত সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
