
হোজাই, ২৩ ডিছেম্বৰ (হি.স.): লামডিঙত শুকুৰবাৰে নিশা জুৱাৰী বিৰোধী অভিযান চলে। লামডিং আৰক্ষীয়ে এই অভিযান চলাই লামডিং মাছবজাৰ সমীপৰ এটা ঘৰৰ পৰা তিনিজন জুৱাৰীক আটক কৰে।
আটকাধীন তিনিজন জুৱাৰী হৈছে ক্ৰমে লামডিং হৰিওঁ টিলাৰ বাপন পাল, কৃষ্ণ নগৰৰ ৰাজু দেৱ আৰু লামডিং নাগৰ পাৰৰ বাসিন্দা বাবুল দাস। তেওঁলোকৰ পৰা নগদ ধন সহ তাছপাত জব্দ কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে লামডিং থানাত ২১৬/২৩ নম্বৰত এটি গোচৰ ৰুজু কৰি ১৩/১৪ এজিবি ধাৰাত তিনিওকে আদালতলৈ প্ৰেৰণ কৰিছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
