
গুৱাহাটী, ২১ জানুৱাৰী, (হি.স)। গুৱাহাটীৰ পাৰ্শ্ৱৱৰ্তী যোৰাবাটত এছ টি এফৰ অভিযানত হেৰ’ইন, নগদ ধন, মোবাইল, স্কুটিসহ এজন লোকক আটক কৰা হৈছে।
গুৱাহাটী মহানগৰীত এছ টি এফ ৰ ড্ৰাগছ ধাৰাবাহিক বিৰোধী অভিযান অব্যাহত আছে । এই অভিযান অব্যাহত থকাৰ সময়তে ডি আই জি-এছ টি এফৰ গোপন খবৰৰ ভিত্তিত আৰু এছ টি এফ ৰ পৰিদৰ্শক কপিল পাঠকৰ নেতৃত্বত বশিষ্ঠ আৰক্ষী থানাৰ অন্তৰ্গত যোৰাবাটৰ ১০ মাইলত শনিবাৰে নিশা অভিযান চলাই ২৯ গ্ৰাম ওজনৰ ২২ টা হেৰ’ইন ভৰ্তি কন্টেইনাৰ, নগদ ৮০০ টকা, এটি ন’কিয়াৰ মোবাইল, এখন হোণ্ডা এক্টিভা স্কুটিসহ এজন লোকক আটক কৰিবলৈ সক্ষম হয় । আটকাধীন লোকজন হ”ল কামৰূপ জিলাৰ ছয়গাঁৱৰ চাম্পুপাৰা পথাৰৰ আমিনুল ইছলাম । জব্দকৃত স্কুটি খন এ এছ ০১ বি কে ৯৯৬৮ নম্বৰৰ বুলি জানিব পৰা গৈছে । ঘটনা সন্দৰ্ভত এছ টি এফৰ তদন্ত অব্যাহত আছে ।
হিন্দুস্থান সমাচাৰ/নাৰায়ণ/মনোজ
