ইম্ফল (মণিপুৰ), ০২ ডিচেম্বৰ (হি. স.): নিষিদ্ধ নিচাযুক্ত আফিঙৰ খেতিৰ বিৰুদ্ধে মণিপুৰ আৰক্ষীৰ অভিযান বৰ্তমানো অব্যাহত আছে। এই সন্দৰ্ভত আৰক্ষীয়ে উখৰুল জিলাৰ মাপিথেল পাহাৰীয়া অঞ্চলৰ অন্তৰ্গত টাংখুল হান্দাং গাঁৱৰ এলেকাত আফিঙৰ খেতি ধ্বংস কৰিবলৈ এক বৃহৎ অভিযান চলায়।
আৰক্ষীয়ে আজি জনোৱা মতে অভিযানটোত প্ৰায় ৩০ একৰ আফিঙৰ খেতি ধ্বংস কৰা হৈছে। অৱশ্যে সুৰক্ষা বাহিনীৰ আগমনৰ তথ্য পোৱাৰ লগে লগে ব্যৱসায়টোৰ সৈতে জড়িত লোকসকলে পলায়ন কৰে।
উল্লেখযোগ্য যে মণিপুৰৰ পাহাৰীয়া অঞ্চলত আফিং খেতিৰ বিৰুদ্ধে এটা অভিযান চলোৱা হৈছে। এই বছৰ এতিয়ালৈকে শ শ হেক্টৰতকৈও অধিক আফিঙৰ খেতি ধ্বংস কৰা হৈছে। এই অবৈধখেতি সমূহ ধ্বংস কৰাটো মণিপুৰ আৰক্ষীৰ লগতে অসম ৰাইফলছৰ কৰ্মী সকলৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে পৰিগণিত হৈ আহিছে।
হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ/মনোজ
