ধুবুৰী, ০৯ জানুৱাৰী (হি.স.): গণৰাজ্য দিৱসৰ প্ৰাক্ মুহূৰ্তত বিলাসীপাৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বিলাসীপাৰাৰ ৰাণীগঞ্জ বজাৰত সোমবাৰে নিশা মাৰণাস্ত্ৰ জব্দ কৰা হৈছে।
সাপটগ্ৰাম আৰক্ষীয়ে চলোৱা অভিযানত মাৰণাস্ত্ৰ সহ এজন যুৱকক আটক হয়। ধৃত যুৱক জনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এটা পিষ্টল সহ দুটা মেগজিন । ধৃত অস্ত্ৰধাৰী যুৱক জনৰ নাম আতিকুল হক বুলি জানিব পৰা গৈছে । আতিকুল হকৰ ঘৰ বিলাসীপাৰাৰ আজৰা শালমাৰাত ।ধৃত যুৱক জন কোনো সন্ত্ৰাসবাদী নে ডকাইতি কাণ্ডত জড়িত সেয়া পোহৰলৈ অহা নাই । অধিক তথ্য উদ্ধাৰৰ বাবে ধৃত যুৱক জনক আৰক্ষীয়ে জেৰা চলাই আছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
