
ধুবুৰী, ৩১ ডিচেম্বৰ (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাৰ ড্ৰাগছৰ বিৰুদ্ধে যোৱা কালি মঙ্গলবাৰে নিশা আৰক্ষীৰ অভিযান চলে। বিলাসীপাৰা আৰক্ষীৰ ৰাইডাৰ্ছ গ্ৰুপ আৰু নগৰ পৰিদৰ্শকৰ নেতৃত্বত চলে এই অভিযান।
অভিযানত ৮ নং ৱাৰ্ডৰ গাক্টাপাৰাত অভিযান চলাই জব্দ কৰে নিচা জাতীয় টেৱলেটসহ এখন ই- ৰিক্সা। যোৱা কালি মঙ্গলবাৰে নিচা জাতীয় টেবলেটৰ সৈতে গ্ৰেপ্তাৰ কৰে ফিৰদুছ আলম নামৰ যুৱকজনক। ধৃত ফিৰদুছৰ ঘৰ বিলাসীপাৰাৰ বটেৰতলত বুলি জানিৱ পৰা গৈছে। ধৃত ফিৰদুছৰ পৰা অধিক তথ্য উদ্ধাৰৰ বাবে তদন্ত অব্যাহত ৰাখিছে বিলাসীপাৰ আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
