
কাছাৰ, ৩০ ডিচেম্বৰ (হি.স.): কাছাৰৰ নিলামবজাৰ আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযানত বৃহৎ সাফল্য লাভ কৰা হৈছে । গোপন সূত্ৰৰ পম খেদি অসম–ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথত কালি নিশা অভিযান চলাই বৃহৎ পৰিমাণৰ নিষিদ্ধ মাদক দ্ৰব্যসহ এজন যুৱকক আটক কৰে আৰক্ষীয়ে। উদ্ধাৰ কৰা ড্ৰাগছৰ বজাৰমূল্য কেইবা লক্ষ টকা হ’ব বুলি অনুমান কৰা হৈছে।
আৰক্ষী সূত্ৰে জানিবলৈ দিয়া মতে, স্কুটি ব্যৱহাৰ কৰি বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ সৰবৰাহ কৰাৰ বিষয়ে নিলামবজাৰ থানাই খবৰ লাভ কৰিছিল। সেই তথ্যৰ ভিত্তিত নিলামবজাৰ থানাৰ এক বিশেষ দলে শ্ৰীকৃষ্ণনগৰ কলনী সংলগ্ন অসম–ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথত নজৰদাৰী আৰম্ভ কৰে।অভিযান চলাকালীন কানিশাইল অঞ্চলৰ বাসিন্দা আব্দুল্লাহ চৌধুৰীক এখন স্কুটিসহ সন্দেহজনক অৱস্থাত আটক কৰা হয়। পাছত স্কুটিখন তল্লাশি চলাই চাৰিটা চাবোনৰ বাকচৰ ভিতৰত লুকুৱাই থোৱা অৱস্থাত মুঠ ৪৬ গ্ৰাম হিৰোইন উদ্ধাৰ কৰা হয়।আৰক্ষীয়ে আব্দুল্লাহ চৌধুৰীৰ বিৰুদ্ধে নিৰ্দিষ্ট ধাৰাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
