
গোলাঘাট, ২৭ ডিচেম্বৰ (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁৱত যোৱা কালি শুকুৰবাৰে নিশা আটক কৰা হয় কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী। দেৰগাঁও আৰক্ষীয়ে আটক কৰে দুটাকৈ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক।
দেৰগাঁও বাটিপৰিয়াৰ আৰু ৰাংঢালিৰ পৰা ড্ৰাগছ সহ আটক কৰে ড্ৰাগছ ব্যৱসায় লগত জড়িত দুই ব্যক্তিক।লগতে জব্দ কৰে দুই মেৰিয়াই ব্যৱহাৰ কৰা এখন বিলাসী বাহনো। গোপন সূত্ৰৰ পম খেদি আব্দুল ৰহমান ওৰফে মাইনা আলি আৰু দুলাল গগৈ ওৰফে মাইনা গগৈ নামৰ দুই ড্ৰাগছ ব্যৱসায়িক শুক্ৰবাৰে বিয়লি নিজ বাসগৃহৰ পৰা আটক কৰে দেৰগাঁও আৰক্ষীয়ে। আৰক্ষীৰ তথ্যৰ অনুসৰি দুয়োৰে পৰা উদ্ধাৰ হয় তিনিটাকৈ ব্যৱহৃত চিৰিঞ্জ, ৯ টা ধঁপাতৰ টেমা, ১২০০০/- নগদ ধন আৰু প্রায় ১৫ গ্ৰাম হেৰ’ইন।
ড্ৰাগছ ব্যৱসায়ীয়ে ব্যৱহাৰ কৰা বাহন খনৰ নম্বৰ এএছ ০৫ জেড ৭০৩৬ বুলি জনা গৈছে। সম্প্ৰতি দেৰগাঁও আৰক্ষী থানাৰ আলহী দুই ড্ৰাগছ মাফিয়া।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
