
ধুবুৰী, ০৬ আগষ্ট (হি.স.): ধবুৰী জিলাৰ তামাৰহাটৰ প্ৰতাপগঞ্জ বজাৰত যোৱা কালি মঙলাবাৰে নিশা তামাৰহাট আৰক্ষীৰ অভিযান চলে । অভিযানত বিলাতী সুৰা সহ এজন লোকক আটক কৰা হয়। আটকাধীন লোকজন প্ৰতাপগঞ্জ বজাৰৰ ব্যৱসায়ী মাণিক সাহা বুলি পৰিচয় পোৱা গৈছে ।
মাণিক সাহাই দীৰ্ঘদিন ধৰি অঞ্চলটোত চলাই আছিল বিলাতী সুৰাৰ বেহা । তামাৰহাট আৰক্ষীয়ে অভিযান চলাই ২০১ টা সুৰাৰ বটল সহ আটক কৰে মাণিক সাহাক । মাণিক সাহাই নিজ গৃহত সুৰা খিনি মজুত কৰি ৰাখিছিল ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
