নগাঁও, ০৩ জানুৱাৰী (হি.স.): ড্ৰাগছৰ বিৰূদ্ধে নগাঁৱৰ জুৰীয়া আৰক্ষীৰ অভিযান অব্য়াহত আছে । এইবাৰ ২৭ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সহ এজন সৰবৰাহকাৰী আটক কৰা হৈছে। যোৱাকালি মঙলবাৰে নিশা নগাঁৱৰ জুৰীয়াৰ উদমাৰিত চলা আৰক্ষীৰ এই অভিযানত আটক হয় কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী জাকিৰ হুছেইন।
দীৰ্ঘদিন ধৰি কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী জাকিৰ হুছেইনে চলাই গৈছিল অবৈধ ড্ৰাগছৰ ৰমৰমীয়া ব্যবসায়। উল্লেখ্য যে পূৰ্বেও ধৃত জাকিৰ হুছেইন নিষিদ্ধ ড্ৰাগছৰ সৈতে দুবাৰকৈ ৰঙা ঘৰৰ আলহী হৈছিল। সম্প্ৰতি অধিক তথ্য সংগ্ৰহ বাবে জুৰীয়া আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী জাকিৰ হুছেইনক জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
