দৰং, ১৩ জানুৱাৰী (হি স)। দৰং জিলাৰ ছিপাঝাৰত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে তিনিজনীয়া গভাইত চোৰৰ দল । গুৱাহাটীত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ হৈছে এই তিনি চোৰ।
ধৃত চোৰ তিনিটা হৈছে ক্ৰমে মঙলদৈৰ বইনা ওজাপাৰাৰ নজমুল আলী, ধুবুৰী জিলাৰ আগমণিৰ বাহাৰুল আলি আৰু বকো সোণতলীৰ নুৰুদ্দিন আলি। লগতে চুৰি কাৰ্যত ব্যৱহৃত এ এচ ০১-ই চি ৮৪৪৪ নম্বৰৰ চুইফট বাহন আৰু এটা চুৰি ছাগলীও জব্দ কৰে আৰক্ষীয়ে।
উল্লেখযোগ্য যে ৯ জানুৱাৰী নিশা ছিপাঝাৰৰ এটা পৰিয়ালত তিনিটা ছাগলী চুৰি কৰিছিল এই চোৰ কেইটাই।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
