
ধুবুৰী ২৯ ডিচেম্বৰ (হি.স.): ধুবুৰী জিলাৰ চাপৰত সংঘটিত হৈছে কিশোৰী ধৰ্ষণৰ ঘটনা। এগৰাকী নাবালিকা হিন্দু যুৱতীৰ লগত কু কৰ্ম সংঘটিত কৰিলে এগৰাকী ইচলাম ধৰ্মৰ যুৱকে। ছামিনুল আলম নামৰ যুৱকজনৰ কামনাৰ বলি হ’ল নাবালিকাগৰাকী।
উক্ত ঘটনা সন্ধৰ্ভত ভুক্তভোগীৰ পৰিয়ালে কালি সন্ধিয়া চাপৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । এজাহাৰৰ ভিত্তিত চাপৰ আৰক্ষীয়ে যুৱক গৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত যুৱক চাপৰৰ ছামিনুল আলম ওৰফে ছনুক সোধাপোছা কৰা বুলি জানিব পৰা গৈছে। যুৱক জনৰ বিৰুদ্ধে পস্কো (POCSO) আইনৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
