
ধুবুৰী, ২০ জুলাই (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰত যোৱাকালি শনিবাৰে সন্ধিয়া বুজন পৰিমাণৰ ড্ৰাগছ সহ দুই সৰবৰাহকাৰীক আটক কৰা হয় ।গৌৰীপুৰ খুদিমাৰী প্ৰথম খণ্ড গাঁওৰ সমৰ শৰ্মা নামৰ ব্যক্তি গৰাকীৰ বাসগৃহত অভিযান চলাই এটা এয়াৰগান, ৫.৫৬ এমএম এমোনেচন কণ্টেনাৰ এটা, তিনিটাকৈ মোবাইলফোন উদ্ধাৰ কৰা হয়।
লগতে খুদিমাৰি গাঁৱৰ সমৰ শৰ্মা আৰু ঝগৰাপাৰ অঞ্চলৰ সুৰজ প্ৰসাদক গৌৰীপুৰ আৰক্ষীয়ে আটক কৰে। বৰ্তমানে ব্যক্তি দুজনক আৰক্ষীয়ে আটক কৰি অধিক তথ্যৰ বাবে থানালৈ আনে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
