গুৱাহাটী, ০৮ ডিছেম্বৰ (হি.স.)। গুৱাহাটীৰ এটা এপাৰ্টমেণ্টৰ পৰা কোটি কোটি টকাৰ ড্ৰাগছসহ দুজন লোকক আটক কৰা হৈছে। আজি আৰক্ষীয়ে জনোৱা মতে, বৃহস্পতিবাৰে নিশা মহানগৰীৰ হেঙৰাবাৰীৰ শেৱালি পথৰ গণপতি এনক্লেভত চলোৱা অভিযানত ৩৩ গ্ৰাম কোকেইন আৰু ১১.৬৪ গ্ৰাম এমডিএমএ জব্দ কৰা হয়। এই পদক্ষেপ ক্ৰাইম ব্ৰাঞ্চ আৰু দিছপুৰ আৰক্ষীয়ে যৌথভাৱে গ্ৰহণ কৰে। এই সময়ছোৱাত তিনিটা মোবাইল ফোন, এখন চাৰিচকীয়া বাহন আৰু নগদ তিনি হাজাৰ টকাও জব্দ কৰা হয়।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুজন সৰবৰাহকাৰীক। ধৃত দুজন ক্ৰমে দিগ্বিজয় নবিশ (৩৭) আৰু কুন্দন ঠাকুৰ (১৯) বুলি জানিব পৰা গৈছে। আন পাঁচজন যুৱককো সোধা-পোছাৰ বাবে আটক কৰিছে আৰক্ষীয়ে। ঘটনাৰ তদন্ত অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ/ শ্ৰীপ্ৰকাশ/মনোজ/অৰবিন্দ
