গুৱাহাটী, ০৪ নৱেম্বৰ, (হি.স)।গুৱাহাটী মহানগৰৰ মালিগাঁৱত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। মালিগাঁৱত আৰক্ষীৰ উপ পৰিদৰ্শক গোপাল দাসক এক চিলনী চোৰে আক্ৰমণ কৰি আহত কৰে। আৰক্ষী বিষয়া গৰাকীৰ টকাৰ বেগটো কাঢ়িবলৈ চিলনী চোৰ জনে চেষ্টা চলাই ব্যৰ্থ হোৱাৰ পিছত আৰক্ষী বিষয়া জনক ব্লেডেৰে আক্ৰমণ কৰি আহত কৰে আৰু ঘটনাস্থলীৰ পৰা পলায়ন কৰে চিলনী চোৰ জনে।
পিছে পলায়ন কৰা চিলনী চোৰজনক ড্ৰাগচ আসক্ত বুলি অভিহিত কৰে স্থানীয় লোক সকলে। আহত আৰক্ষী বিষয়া গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
হিন্দুস্থান সমাচাৰ/ৰমেন/মনোজ
