
কামৰূপ, ২৪ জুন (হি.স.)। ডিমৰীয়াৰ ক্ষেত্ৰীত পুনৰ ট্ৰেডিং বিতৰ্কৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত আৰক্ষীৰ জালত পৰিছে ট্ৰেডিং কোম্পানীৰ স্বয়ম্ভূ সঞ্চালক জিতুমণি কলিতা। ক্ষেত্ৰীত উন্নতি ট্ৰেডিং নামৰ এটি কোম্পানী খুলি সাধাৰণ ৰাইজৰ পৰা লুন্ঠন কৰিছিল কেইবাকোটি টকা। জমা ধন সময়মতে উভতাই নোপোৱাত দেওবাৰে শ-শ গ্ৰাহকে ক্ষেত্ৰী থানা চৌহদত সৃষ্টি কৰিছিল উত্তপ্ত পৰিস্থিতিৰ।
পৰৱৰ্তী পৰ্যায়ত ক্ষেত্ৰী আৰক্ষীয়ে এক নিজাববীয়াকৈ গোচৰ ৰুজু কৰি আটক কৰে জিতুমণি কলিতা নামৰ প্ৰৱঞ্চকটোক। ডিমৰীয়া আৰু দাঁতি-কাষৰীয়া অঞ্চলৰ খাটিখোৱা জনতাৰ পৰা সঞ্চয়ৰ নামত ধন সংগ্ৰহ কৰি আত্মসাৎ কৰিছিল বৃহৎ পৰিমাণৰ ধনৰাশি। আটকাধীন জিতুমণি কলিতাক জেল হাজোতলৈ প্ৰেৰণ কৰি তদন্ত আৰম্ভ কৰিছে।
—————
হিন্দুস্থান সমাচাৰ / Narayan Kar
