
কামৰূপ, ০৬ অক্টোবৰ (হি.স.)। আজাৰা আৰক্ষীৰ জালত পৰিছে তিনি ড্ৰাগছ সৰবৰাহকাৰী। বিশেষ সূত্ৰৰ পম খেদি যোৱা কালি দেওবাৰে নিশা আজাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফনিন্দ্ৰ চন্দ্ৰ নাথৰ নেতৃত্বত অভিযান চলাই তিনি ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।
সাম্প্ৰতিক সময়ত এক সামাজিক ব্যাধিত পৰিণত হোৱা নিচাযুক্ত দ্ৰব্য বা ড্ৰাগছ সমাজৰ বাবে এক অভিশাপত পৰিণত হৈছে। কিন্তু বৰ্তমান সময়ত ব্যাধি হৈ পৰিছে নিচাযুক্ত ড্ৰাগছ। চৰকাৰে এইসমূহ অবৈধ ঘোষণা কৰিছে যদিও একাংশ সমাজ বিৰোধী লোকে অব্যাহত ৰাখিছে এই বৰবিহৰ ব্যৱসায়। এই ড্ৰাগছে নৱ প্ৰজন্মক ধংসৰ দিশে আগুৱাই লৈ গৈছে।
ইয়াৰ মাজতে যোৱা কালি দেওবাৰে নিশা আজাৰা আৰক্ষীয়ে তিনি অভিযুক্ত সহ নিচাযুক্ত দ্ৰব্যৰ ২৯৪ টা বটলৰ লগতে দুখনকৈ বাহন জব্দ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে তিনি অভিযুক্তক আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰে।
—————
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
