বাক্সা, ০৫ ফেব্ৰুৱাৰী : বাক্সাৰ আনন্দ বজাৰত গাঞ্জাসহ এজন ব্যৱসায়ী আটক কৰা হৈছে। বাক্সাৰ শালবাৰী মহকুমা আৰক্ষী বিষয়া নীলোৎপল শইকীয়াৰ নেতৃত্বত শালবাৰী আৰু আনন্দ বজাৰ আৰক্ষীয়ে আজি এক অভিযান চলাই আনন্দ বজাৰৰ মাজমজিয়াৰ পৰা ৭.১১৮ কিলোগ্ৰাম গাঞ্জাসহ এজন গাঞ্জা ব্যৱসায়ীক আটক কৰে ৷
ধৃত গাঞ্জা ব্যৱসায়ীজন আনন্দ বজাৰ আৰক্ষী চকীৰ অন্তৰ্গত হাটখোলা গাঁৱৰ ধীৰাজ কলিতা বুলি পৰিচয় পোৱা গৈছে ৷ আনন্দ বজাৰত থকা এখন ব্ৰয়লাৰ মাংসৰ দোকানৰ গৰাকী ধীৰাজ কলিতাই মাংস বিক্ৰী কৰাৰ সমান্তৰালভাৱে আৰক্ষীৰ চকুত ধুলি দি গাঞ্জাও বিক্ৰী কৰি আহিছিল ৷ সম্প্ৰতি শালবাৰী আৰক্ষীৰ জিম্মাত থকা ধীৰাজ কলিতাক এই সন্দৰ্ভত সোধাপোছা অব্য়াহত আছে ৷
