কাছাৰ। কাছাৰ জিলাৰ শিলচৰত পুনৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰা হৈছে। গোপন তথ্যৰ ভিত্তিত চিআৰপিৰ E Coy ইউনিট আৰু শিলচৰ আৰক্ষীয়ে মধুৰবন্দৰ দশম খণ্ডত অভিযান চলাই ১০ হাজাৰ য়াবা টেবলেট জব্দ কৰিছে।
মধুৰবন্দৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ছলমান মজুমদাৰৰ ঘৰত অভিযান চলাই জব্দ কৰা হয় নিচাজাতীয় টেবলেট খিনি। পিছত টেবলেট সহ ধৃত ছলমানক শিলচৰ সদৰ থানালৈ নি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। আৰক্ষী সুত্ৰে জানিব পৰা মতে, দীৰ্ঘদিন ধৰি ছলমানে মধুৰবন্দৰ তেওঁৰ ঘৰৰ পৰা ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল।
