কোকৰাঝাৰ : নিৰ্বাচনৰ প্ৰাকক্ষণত ফকিৰাগ্ৰামৰ বিজেপিত ব্যাপক খহনীয়া হোৱা পৰিলক্ষিত হৈছে। কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম চহৰত থকা ফকিৰাগ্রাম ব্লক বিপিএফ দলৰ কাৰ্য্যালয়ৰ সভা কক্ষত যোৱাকালি শুকুৰবাৰে নিশা ভাগত বিপিএফ দলে এক বৃহৎ যোগদান কাৰ্যসূচী ৰূপায়ন কৰে । উক্ত যোগদান কাৰ্যসূচীত ফকিৰাগ্ৰাম চহৰৰ বিভিন্ন অঞ্চলৰ বিজেপি দলৰ পৰা ১০ গৰাকি সক্রিয় সদস্য বিপিএফ দলৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দল ত্যাগ কৰি বিপিএফ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। ।
নতুনকৈ যোগদান কৰা সকলোক ফুলাম গামোচা আৰু দলীয় প্ৰতিকেৰে আদৰনি জনায় বিপিএফ দলৰ জেষ্ঠ নেতৃ তথা কোকৰাঝাৰ পশ্চিম বিধানসভা সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী , বিপি এফৰ কেন্দ্রীয় সংগঠানিক সম্পাদক ড° ৰেজাওল কৰিমে । উল্লেখ্য যে নতুনকৈ যোগদান কৰা সকলোৰ ভিতৰত অধিকাংশই বিজেপিৰ সক্ৰিয় কৰ্মী বুলি বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে প্ৰকাশ কৰে ।উক্ত সভাখনত জিলা,ব্লক বিপিএফৰ নেতৃবৰ্গ, মহিলা কোষ, যুৱ কোষ, বিপিএফ, বেংগলী , আদি কোষৰ নেতৃবৰ্গ উপস্থিত আছিল ।
