
নগাঁও, ০৮ নৱেম্বৰ (হি.স.): নগাঁও জিলাৰ ৰূপহীহাটৰ জ্যোতি নগৰত যোৱা কালি শুকুৰবাৰে বিয়লি এক চাঞ্চল্যকৰ হত্যা কাণ্ডৰ ঘটনা সংঘটিত হয়। স্বামীয়ে হত্যা কৰিলে নিজ পত্নীক।ঘাতক স্বামী ৰফিকুল ইছলামৰ চোকা অস্ত্ৰৰ ঘাপত প্ৰাণ গল পত্নী ছমীৰণ নেছাৰ।
জানিব পৰা মতে নিশাৰে পৰা স্বামী-স্ত্ৰী দুয়োৰে মাজত চলি আছিল কাজিয়া। ৰফিকুল ইছলাম আৰু ছমীৰণ নেছা উৰীয়ামঘাটৰ উচ্ছেদিত পৰিয়াল আৰু তেওঁলোকে তিনিমাহৰ পৰা ৰূপহী জ্যোতি নগৰত ভাড়া ঘৰত আছিল পৰিয়ালটি। ইফালে পত্নীক হত্যা কৰি ঘাতক স্বামী ৰফিকুল ইছলামে পলায়ণ কৰে। আনহাতে ক্ষত বৃক্ষত অৱস্থাত ছমীৰণ নেছাক নগাওঁ মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
