
কামৰূপ, ২৮ নৱেম্বৰ (হি.স.): ৰঙিয়াত দিন দুপৰতে ভণ্ড বাবাই সংঘটিত কৰলা লুটপাতৰ ঘটনা জৰিত দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। আটকাধীন দুই অভিযুক্ত হ’ল ক্ৰমে হোজাই জিলাৰ লংকাৰ জাহান আলী আৰু মোজামিল আলী ।
উল্লেখ্য যে যোৱা ২৩ নৱেম্বৰ তাৰিখে ৰঙিয়াৰ সমীপৰ দহৰাৰ নিবাসী এগৰাকী মহিলাৰ ঘৰত দুই ভণ্ড বাবাই তন্ত্ৰ মন্ত্ৰ জপ কৰি লুটি নিছিল ২ লাখ টকাৰ সোণৰ আ-অলংকাৰ সহ নগদ দুই হাজাৰ টকা । ঘটনা সন্দৰ্ভত মহিলা গৰাকীয়ে ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল । কালি বিয়লি নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ এক অঞ্চলত সেই একে ধৰণৰ কাৰ্য কৰি থকা অৱস্থাত দুই ভণ্ড বাবাক ৰাইজে ধৰি উত্তম মধ্যম দিয়াৰ লগতে ঘগ্ৰাপাৰ আৰক্ষীক গতাই দিয়ে । পিছত ৰঙিয়া থানাত ৰুজু হোৱা গোছৰৰ ভিত্তিত দুয়োজনক ভণ্ড বাবাক ঘগ্ৰাপাৰ আৰক্ষীয়ে ৰঙিয়া আৰক্ষীক গতাই দিয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
