
কামৰূপ, ২০ ডিচেম্বৰ (হি.স.): কামৰূপ জিলাৰ হাজোৰ ২নং কোঁৱৰপুৰত নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয়। তেজেৰে তুমুৰলি অৱস্থাত যোৱা কালি শুকুৰবাৰৰ সন্ধিয়া উদ্ধাৰ কৰা হৈছে এগৰাকী ছাত্ৰীৰ মৃতদেহ।
নিজৰ ঘৰৰ দমকলৰ পাৰত দুৰ্বৃত্তই ডিঙি ৰেপি হত্যা কৰিলে কলেজীয়া ছাত্ৰী গৰাকীক। ডিঙি ৰেপি হত্যা কৰি পেলাই থৈ গ’ল ছাত্ৰী গৰাকীক।পৰিয়ালৰ লোক ঘৰুৱা কামত ব্যস্ত থকাৰ সুযোগ বুজি কোনো দুৰ্বৃত্তই সংঘটিত কৰে এই হত্যাকাণ্ড। ঘটনা সংঘটিত হোৱাৰ কিছু সময় পিছত পৰিয়ালৰ লোকে মৃত অৱস্থাত উদ্ধাৰ কৰে যুৱতী গৰাকীৰ মৃতদেহ।
ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ হত্যাকাণ্ডস্থলীৰ পৰা উদ্ধাৰ কৰে এখন চোকা ব্লেড। মৃত ছাত্ৰী গৰাকী হাজো সুৰেন দাস মহাবিদ্যালয়ৰ প্ৰথম ষান্মাসিকৰ মমী বেগম বুলি পৰিচয় পোৱা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
