বাক্সা,০৯ নৱেম্বৰ (হি.স.): বাক্সাৰ শালবাৰীত আৰক্ষীৰ অভিযানত ৩ জুৱাৰী আটক হৈছে। শালবাৰীৰ গোৱৰ্ধনা আৰক্ষীয়ে আজি পূৱ কালপানীৰ পৰা নগদ ধন ১২৬০ টকা ,দুটা মোবাইল ফোন, নাগালেণ্ডৰ লটাৰীৰ টিকট ১২ টাৰ লগতে জুৱাৰ সামগ্রী সহ আটক কৰে জুৱাৰী কেইজনক।
আটকাধীন জুৱাৰী কেইজন ক্ৰমে কালপানীৰ সুজন শৰ্মা, মনেশ্বৰ বৰ্মন আৰু ভাৰত বৰ্মন। উল্লেখ্য ,জুৱাৰী কেইজনে দীৰ্ঘদিন ধৰি ভিন্ন জুৱাখেলৰ সৈতে জড়িত হৈ আছিল বুলি জানিব পৰা গৈছে। সম্প্ৰতি গোৱৰ্ধনা আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছে আটাইকেইজনকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
