
হোজাই, ০২ জানুৱাৰী (হি.স.): হোজাই জিলাৰ লংকাৰ পুৱ উদালীত এক অঘটন সংঘটিত হৈছে । ১০০০ টকাৰ বাবেই শহুৰেকৰ প্ৰহাৰত মৃত্যু মুখত পৰিল জোঁৱায়েক । লংকাৰ পুৱ উদালীত সংঘটিত হৈছে এক কৰুণ ঘটনা।
লংকাৰ পুৱ উদালী গাঁৱৰ অকণ নাথ নামৰ ব্যক্তিগৰাকীৰ জীয়ৰী আৰু পত্নীয়ে লাভ কৰিছিল মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ ১০,০০০ টকাৰ ধন আৰু সেই ধনৰ পৰাই জোঁৱাই জীতেন নাথে নতুন বছৰ বুলি পত্নীৰ টকাৰ পৰা খৰছ কৰিছিল ১০০০ টকা। এই কথাতেই খৰ্গহস্ত হৈ শহুৰেকৰ অকণ নাথে লাঠিৰে মুৰত প্ৰহাৰ কৰাত মৃত্যু হয় জোঁৱায়েক জীতেন নাথৰ। ইতিমধ্যে ঘটনাস্থলীত লংকা আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে লগতে হত্যাকাৰী অকন নাথক কৰায়ত্ত কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
