
দৰং, ০৭ ছেপ্টেম্বৰ (হি.স.): দৰং জিলাৰ মঙলদৈৰ গেৰিমাৰীত যোৱাকালি শনিবাৰে বিয়লি ৰাইজে হাতেলোতে ধৰিলে এটা গৰু চোৰ। গৃহস্থৰ সন্মুখৰ পৰাই গৰু চোৰ কৰিব ওলাওতেই ধৰা পৰে চোৰটো। ধৃত চোৰটো মঙলদৈৰ বেজপাৰাৰ ৰমেন দাস বুলি পৰিচয় পোৱা গৈছে। গৰু চোৰ ৰমেনে গৰুটো খেদি আনি থকা অৱস্থাত গৃহস্থ ই দেখি হতবাক হৈ আৱদ্ধ কৰি সোধপোচ কৰাত ওলাই জোলোঙাৰ মেকুৰী।
জানিব পৰামতে, গেৰিমাৰীৰ চক্ৰ ভট্টাচাৰ্য্য নামৰ লোক জনৰ গৰুটো চোৰটোৱে চুৰি কৰি বিক্ৰী কৰাৰ চেষ্টা কৰিছিল। আনকি চোৰে গৰু কিনা বেপাৰীকো ফোন যোগে মাতি আনিছিল। অৱশেষত স্থানীয় ৰাইজৰ তৎপৰতাত গৰু কিনা বেপাৰী সহ এখন বাহনো জব্দ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে তদন্তৰ বাবে বেপাৰী সহ চোৰক মঙলদৈ থানা লৈ লৈ যায়।
উল্লেখযোগ্য যে বহু দিনৰ পৰা সেই অঞ্চলত চোৰে তাণ্ডৱ চলাই অহাৰ বাবে অতিষ্ঠ হৈ পৰিছে স্থানীয় ৰাইজ। এইক্ষেত্ৰত গৰুচোৰক উচিত শাস্তি প্ৰদান কৰাৰ দাবী জনায় গৃহস্থ আৰু স্থানীয় ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
