বিশ্বনাথ, ১০ ডিচেম্বৰ (হি.স.)। বিশ্বনাথ জিলাৰ ভোলাকাটা অঞ্চলত গ্ৰেপ্তাৰ কৰিছে ৫টা চোৰাং চিকাৰী। বুধবাৰে বন বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি জিলাখনৰ ভোলাকাটা হ্ৰদ অঞ্চলত এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই গ্ৰেপ্তাৰ কৰে এই পাঁচটা চোৰাংচিকাৰীক।
আটকাধীন চোৰাং চিকাৰী কেইটা হৈছে শ্বহীদুল ইছলাম, আনোৱাৰ হুছেইন, তামৰাছ আলী, আবুল হুছেইন আৰু ফকিৰ আলী। ধৃত সকলো অভিযুক্তই চাইবেৰিয়ান টাৰ্ণ আৰু অন্যান্য চৰাই চিকাৰ কৰিবলৈ অঞ্চলটোলৈ আহিছিল। এই সময়তে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়।
ঘটনা সন্দৰ্ভত এফআইআৰ ৰুজু কৰা হৈছে আৰু ধৃত অভিযুক্তসকলক তীব্ৰ জেৰা অব্যাহত ৰাখিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
