
বিশ্বনাথ, ২১ অক্টোবৰ (হি.স.): বিশ্বনাথত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা জব্দ কৰা হৈছে। এই সন্দৰ্ভত দুজন লোকক আটক কৰা হৈছে।
প্ৰাপ্ত তথ্য়মতে, বিশ্বনাথৰ বুঢ়ীগাং বাইপাছৰ সমীপত কালি বিয়লি বিশ্বনাথ আৰক্ষী আৰু কাৰ্বি আংলং আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি যুটীয়াভাৱে অভিযান চলাই অৰুণাচলৰ পৰা আহি থকা সুৰা ভৰ্তি পাঞ্জাৱ বডি ট্ৰাক খন জব্দ কৰে। জব্দ কৰা ট্ৰাক খনৰ নম্বৰ এন এল ০১এ জি ১২২৩ বুলি জানিব পৰা গৈছে। অৰুণাচলৰ পৰা মণিপুৰলৈ সুৰা খিনি নিয়াৰ কথা আছিল। সুৰা খিনিৰ আনুমানিক মূল্য প্ৰায় ৩০ লাখ মান হ’ব বুলি কোৱা হৈছে । আৰক্ষীয়ে ট্ৰাকখনৰ চালক ৰাজীৱ নাৰ্জাৰী আৰু হেণ্ডিমেন অজয় ওৰাঙক আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
