
চিৰাং, ২৫ ডিচেম্বৰ (হি.স.): চিৰাং জিলাৰ বিজনীৰ দতুৰীত বৃহস্পতিবাৰে পুৱা দতুৰীৰ দতুৰী ফ্ৰেণ্ডছ ক্লাব এণ্ড লাইব্ৰেৰীৰ সদস্য আৰু পশ্চিম বিজনী আমছুৰ সদস্যৰ সহযোগত ড্ৰাগছসহ এক ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। ড্ৰাগছ সৰবৰাহকাৰীক জন দতুৰীৰ ছাইদুল ইছলাম(৩৯) বুলি পৰিচয় পোৱা গৈছে।
পিছত আৰক্ষীক খবৰ দিয়াৰ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ড্ৰাগছ সৰবৰাহকাৰীক পৰা ১ টা মোবাইল ফোন, নগদ ৪ হেজাৰ ১০ টকা জব্দ কৰে আৰক্ষীয়ে। জব্দ কৃত ড্ৰাগছৰ ওজন ১২.৫২ গ্ৰাম বুলি জনা গৈছে । পিছত জব্দকৃত ড্ৰাগছসহ ড্ৰাগছ সৰবৰাহকাৰীক বিজনী আৰক্ষীয়ে আটক বিজনী থানালৈ লৈ যায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
